ETV Bharat / state

Holi festival preparation in Barpeta: হোলী গীতৰ মূৰ্চনাৰে মুখৰিত বৰপেটা

author img

By

Published : Mar 6, 2023, 1:17 PM IST

বৰপেটাত এতিয়া হোলীগীতৰ ৰোল উঠিছে (Doul Mahostsav in Barpeta satra)। আজি দৌল মহোৎসৱৰ বহ্নুৎসৱ । সেয়েহে হোলীগীতৰ মূৰ্চনাৰে মুখৰিত হৈ পৰিছে সত্ৰনগৰী । ইয়াৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হৈছে হোলীগীত প্ৰতিযোগিতা ।

Doul Mahostsav in Barpeta satra
বৰপেটাত হোলীগীত প্ৰতিযোগিতা
বৰপেটাত হোলীগীত প্ৰতিযোগিতা

বৰপেটা, ৬ মাৰ্চ: আৰম্ভ হ'ল বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ দৌল মহোৎসৱ ৷ বৰপেটা সত্ৰত এতিয়া দৌল মহোৎসৱক লৈ ব্যাপক তৎপৰতা (Doul Mahostsav 2023) ৷ মনে প্ৰাণে বসন্ত ঋতুৰ আগমনৰ মাদকতা ৷ সকলো দৌল মহোৎসৱ আগমণৰ বতৰাত উন্মনা ৷ সৰ্বত্ৰে এতিয়া হোলীগীতৰ লহৰ ৷ বৰপেটা জিলাৰ বিভিন্ন ঠাইৰ লগতে বৰপেটা সত্ৰৰ চৈদিশে হোলীগীতৰ মূৰ্চনাৰে মুখৰিত হৈ পৰিছে সত্ৰনগৰীৰ আকাশ বতাহ ৷ সত্ৰখনৰ সন্মুখত পুৱাৰে পৰাই হোলীগীতৰ ৰোল উঠিছে ৷ হোলীগীত আৰু কৃষ্ণ ভক্তিৰসত ডুব গৈছে সত্ৰনগৰী বৰপেটা ৷

বৰপেটা সত্ৰৰ চৌদিশে হোলী গীতৰ সুৰৰ লগতে সত্ৰনগৰী বৰপেটাৰ বিভিন্ন অনুষ্ঠানে আয়োজন কৰিছে হোলীগীত প্ৰতিযোগিতা (Holi Song Competition at Barpeta) ৷ বৰপেটাৰ দৌল উৎসৱৰ অন্যতম অংগ হ'ল হোলীগীত । প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বৰপেটাৰ হোলীগীত ক্ৰমে অধিক জনপ্ৰিয় হৈ উঠিছে । যাৰ বাবে পূৰ্বে বৰপেটাৰ পৰিসীমাৰ ভিতৰতে আৱদ্ধ হৈ থকা এই গীতে এতিয়া চৌদিশে প্ৰসাৰ লাভ কৰিছে । দৌল মহোৎসৱৰ সৈতে সংগতি ৰাখি বৰপেটাৰ বিভিন্ন অনুষ্ঠানৰ উদ্যোগত হোলীগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ।

বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই বিগত ২৯ বছৰে দৌল মহোৎসৱৰ আগদিনা আয়োজন কৰি অহা হোলীগীত প্ৰতিযোগিতা দেওবাৰে অনুষ্ঠিত হয় ৷ সংগীত নাটক অকাডেমী বঁটা প্ৰাপক গুনীন্দ্ৰ নাথ ওজাই মুকলি কৰা আছুৰ হোলীগীত প্ৰতিযোগিতাখনিত কেইবাটাও যুৱক-যুৱতীৰ দলে অংশগ্ৰহণ কৰে ৷ একেদৰে সংস্কাৰ ভাৰতী, অসম যুৱ পৰিষদৰ বৰপেটা জিলা সমিতি, বিজেপি যুৱ মৰ্চাকে আদি কৰি বিভিন্ন অনুষ্ঠানে আয়োজন কৰা হোলীগীত প্ৰতিযোগিতাক লৈ উখল মাখল পৰিবেশে বিৰাজ কৰিছে সত্ৰনগৰী বৰপেটা ৷

দেওবাৰে বৰপেটা জিলা বিজেপি যুৱ মৰ্চাৰ উদ্যোগত আয়োজিত হোলীগীত প্ৰতিযোগিতাখন মুকলি কৰে বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকে ৷ উল্লেখ্য যে, সোমবাৰৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে বৰপেটা সত্ৰত আৰম্ভ হৈছে দৌল মহোৎসৱ ৷ বৰপেটা সত্ৰত আজি দৌল মহোৎসৱৰ বহ্নুৎসৱ, মঙলবাৰ আৰু বুধবাৰে ভৰদৌল আৰু বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব সুৱেৰী ৷

ইপিনে, সোমবাৰৰ পৰা আৰাম্ভ হোৱা বৰপেটা সত্ৰৰ দৌল মহোৎসৱক লৈ তৎপৰ হৈছে বৰপেটা আৰক্ষী প্ৰশাসন (Tight security arrangements in Barpeta satra) ৷ লক্ষাধিক ভক্ত দৰ্শনাৰ্থীৰ সুৰক্ষাৰ বাবে বৰপেটা জিলা প্ৰশাসনে বিশেষ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সদৰি কৰিছে বৰপেটাৰ উপ আৰক্ষী অধীক্ষক সমুদ্ৰ দপ্তৰ বৰুৱাই ।

লগতে পঢ়ক:Tourists gather at Kaliabor : কলিয়াবৰত উপস্থিত হেন্‌ৰী ষ্টেডমেন কটনৰ আজু নাতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.