ETV Bharat / state

আবিৰৰ ৰঙত মতলীয়া সত্ৰনগৰী বৰপেটা

author img

By

Published : Mar 29, 2021, 4:21 PM IST

ৰঙৰ উৎসৱ ফাকুৱা ৷ সমগ্ৰ দেশৰ লগতে অসমতো উদযাপন ফাকুৱা ৷ ৫৫০ বছৰৰো অধিক প্ৰাচীন পৰম্পৰা অক্ষুণ্ণ ৰাখি উদযাপন কৰি অহা সত্ৰনগৰী বৰপেটাত এইবাৰো দেখা পোৱা গ'ল প্ৰাণৰ উৎসৱ হোলীৰ ব্য়াপক উছাহ ৷ লোকে লোকাৰণ্য হৈ পৰিল সত্ৰ চৌহদ ৷ হোলী উদযাপনৰ ক্ষেত্ৰত সদায়ে ব্যতিক্ৰম সত্ৰনগৰী বৰপেটা ৷ কিয়নো ইয়াত প্ৰাণ পাই উঠে থলুৱা হোলী গীত ৷ সেইবাবেই এইবাৰো আবিৰ আৰু হোলীগীতৰ অমীয়া সুৰৰ মূৰ্ছনাত মুখৰিত হৈ পৰিল বৰপেটাৰ আকাশ-বতাহ ৷ সকলো সুখ-দুখ পাহৰি কেৱল কৃষ্ণভক্তি আৰু ৰঙেৰে ৰঙীয়াল হৈ পৰা দেখা পোৱা গ'ল সকলোকে ।

HOLI IN  BARPETA SATRA
আবিৰৰ ৰঙেৰে ৰঙীয়াল সত্ৰনগৰী বৰপেটা হৈ পৰিল লোকে লোকাৰণ্য

বৰপেটা,29 মাৰ্চ: ৰঙৰ উৎসৱ ফাকুৱা ৷ সমগ্ৰ দেশৰ লগতে অসমতো উদযাপন ফাকুৱা ৷ ৫৫০ বছৰৰো অধিক প্ৰাচীন পৰম্পৰা অক্ষুণ্ণ ৰাখি উদযাপন কৰি অহা সত্ৰনগৰী বৰপেটাত এইবাৰো দেখা পোৱা গ'ল প্ৰাণৰ উৎসৱ হোলীৰ ব্য়াপক উছাহ ৷ আবিৰৰ ৰঙেৰে ৰঙীয়াল সত্ৰনগৰী বৰপেটা হৈ পৰিল লোকে লোকাৰণ্য ৷ হোলী উদযাপনৰ ক্ষেত্ৰত সদায়ে ব্যতিক্ৰম সত্ৰনগৰী বৰপেটা ৷ কিয়নো ইয়াত প্ৰাণ পাই উঠে থলুৱা হোলী গীত ৷ সেইবাবেই এইবাৰো আবিৰ আৰু হোলীগীতৰ অমীয়া সুৰৰ মূৰ্ছনাত মুখৰিত হৈ পৰিল বৰপেটাৰ আকাশ-বতাহ ৷ সকলো সুখ-দুখ পাহৰি কেৱল কৃষ্ণভক্তি আৰু ৰঙেৰে ৰঙীয়াল হৈ পৰা দেখা পোৱা গ'ল সকলোকে । পূৰ্বৰ পৰাই মহা আড়ম্বৰপূৰ্ণভাৱে পালন কৰি অহা বৰপেটা সত্ৰৰ দৌল উৎসৱ কেৱল অসমতেই নহয় ভাৰতবৰ্ষতো বিখ্যাত । যাৰ বাবে আবিৰৰ ৰঙৰ সৈতে হোলীগীতৰ আমেজ ল'বলৈ সত্ৰনগৰী বৰপেটাত ভিৰ কৰেহি দেশী-বিদেশী পৰ্যটকে ৷ কথিত আছে, হোলীগীতৰ প্ৰথম সৃষ্টিকৰ্তা শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ ৷

সত্ৰীয়া পৰম্পৰা অনুসৰি, গোঁসাই দৌলগৃহত আৰোহণ কৰি থকা সময়ত ভক্তসকলে ফাকু খেলিব নোৱাৰে ৷ মাথো গোঁসাইক ফাকুগুৰিৰে সেৱা জনাই ভক্তসকলে ৷ ২৭ মাৰ্চত গন্ধযাত্ৰাৰ নিশা দৌলত আৰোহণ কৰা দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক নক্ষত্ৰ গণনা অনুসৰি দৌলগৃহৰ পৰা নমাই যোগমোহন গৃহত ৰখাৰ পিচত সোমবাৰে পুৱতি নিশা দুয়োগৰাকী গোঁসাইক কীৰ্তনঘৰৰ ঘাই দুৱাৰৰ কাষৰ কাথিত বৰশৰাইত ৰখা হয় ৷ ইপিনে সুঁৱেৰী উপলক্ষে হোলীগীতৰ সুৰ আৰু আবিৰৰ ৰঙত ডুব যোৱা বৰপেটা সত্ৰত সোমবাৰে পুৱাৰে পৰাই আয়তী, পুৰুষ-মহিলা, যুৱক-যুৱতীসকল উপস্থিত হৈ ইজনে-আনজনক ফাকুগুৰিৰে হোলীৰ শুভেচ্ছা জনায় ৷

সোমবাৰে আবেলি দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক দুখন দোলাত তুলি গায়ন-বায়ন, বুঢ়াসত্ৰীয়া প্ৰমুখ্যে হেজাৰ হেজাৰ ভক্তই কলবাৰী সত্ৰলৈ হেকেটা খুৱাবলৈ লৈ যায় ৷ ধৰ্মীয় বিশ্বাস আৰু লৌকিক পৰম্পৰাৰে পালিত হৈ অহা মাহজাতীয় শস্য হেকেটা খুৱাই গোঁসাইক কলবাৰী সত্ৰৰ পৰা বৰপেটা সত্ৰলৈ উভতিল অনাৰ পথত বৰপেটা সত্ৰৰ দালানৰ সমুখ পোৱাৰ সময়তে সত্ৰৰ টুপৰ চোতালত অনুষ্ঠিত কৰা হয় বাঁহ ভঙা কাৰ্য ৷

ইয়াৰ পিচতে গোঁসাইক সত্ৰৰ কীৰ্তনঘৰৰ চাৰিওফালে সাত পাক প্ৰদক্ষিণ কৰাই মণিকূট গৃহত প্ৰৱেশ কৰোৱা হয় ৷ দুয়োজনা গোঁসাই মণিকূট গৃহত প্ৰৱেশৰ পূৰ্বে পৰম্পৰাগত বোলবোলনি অনুষ্ঠান অনুষ্ঠিত হয় ৷ লগতে গোঁসাই মণিকূটত প্ৰৱেশৰ লগে লগে সামৰণি পৰে হেঁপাহৰ দৌল মহোৎসৱ ৷ এই দৌল উৎসৱৰ দিনকেইটাত সত্ৰনগৰী হৈ পৰে প্ৰাণচঞ্চলা ।

লগতে পঢ়কঃ পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ উচিত তদন্ত দাবী প্ৰদেশ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.