জনীয়া,23 মে': এখন ট্ৰাকক কেন্দ্ৰ কৰি শনিবাৰে নিশা বৰপেটা জিলাৰ কলগাছিয়াত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চিকনী গাঁৱৰ এটি ভিতৰুৱা পথত AS-01-LC-7756 নম্বৰৰ এখন সামগ্ৰী ভৰ্তি ট্ৰাক উদ্ধাৰ হোৱাৰ পাচতে উত্তেজনাৰ সৃষ্টি হয় স্থানীয় লোকৰ মাজত ৷ দিনৰ ভাগৰ পৰাই এটি ঘৰৰ সন্মুখত ৰখাই থোৱা অৱস্থাত ট্ৰাকখন উদ্ধাৰ হোৱাৰ পাচত স্থানীয় লোকে চালকক সোধ পোচ কৰে ৷ কিন্তু চালকৰ কথাত সন্দেহ ওপজাত বৰভিটা আৰক্ষীক খবৰ দিয়ে ৷
ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত ট্ৰাকখনৰ ভিতৰত সুৰা থকাৰ কথা চালকে প্ৰকাশ কৰাৰ পাচতে স্থানীয় লোকৰ মাজত দুটা ফৈদৰ সৃষ্টি হয় ৷ চালক আৰু চালকৰ সমৰ্থনত থকা দুয়োটা ফৈদৰ মাজত অৱশেষত হতাহতিৰ সৃষ্টি হয় ৷ বাৰাম্বাৰ চালকক ট্ৰাকখনত কি আছে দেখুৱাবলৈ অনুৰোধ কৰে যদিও ৰাইজৰ পক্ষপাতমূলক আচৰণত আৰক্ষী বিপাঙত পৰে ৷
পৰৱৰ্তী সময়ত বৰভিটা আৰক্ষীয়ে ট্ৰাকখন থানালৈ লৈ যায় আৰু প্ৰায় 12 লাখ টকাৰ সুৰা থকা বুলি জানিবলৈ দিয়ে ৷ গুৱাহাটীৰ পৰা বিলাসীপাৰা অভিমুখে গৈ থকা সুৰা ভৰ্তি ট্ৰাকখন কি কাৰণত চিকনীৰ সেই পথটো গৈ পালে এই সম্পৰ্কে জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: সোৱণশিৰিয়ে বিপদ মাতিছে ঐতিহাসিক ঘুনাসুঁতিলৈ