ETV Bharat / state

Student protest in Kalgachia: স্বাস্থ্যকেন্দ্ৰ উত্তাল কৰিলে ছাত্ৰই

কলগাছিয়াৰ তিতাপানী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি । নাৰ্ছ এজনীয়ে ছাত্ৰক বাংলাদেশী কোৱাৰ বাবেই সৃষ্টি হয় এই উত্তেজনাময় পৰিৱেশৰ ।

heated situation in kalgachia
স্বাস্থ্যকেন্দ্ৰ উত্তাল কৰিলে ছাত্ৰই
author img

By

Published : Oct 23, 2022, 2:27 PM IST

কলগাছিয়া,২৩ অক্টোবৰ: তিতাপানী স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি(Heated situation in Kalgachia) । তিতাপানী স্বাস্থ্য কেন্দ্ৰৰ বাৰ্গবী নামৰ এগৰাকী নাৰ্ছে লাংলা বি বি মহাবিদ্যালয়ৰ ছাত্ৰক বাংলাদেশী আখ্যা দিয়াত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । তিতাপানী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নাৰ্ছ বাৰ্গবী লাংলা বি বি মহাবিদ্যালয়ৰ ছাত্ৰ সকলক বাংলাদেশী আখ্যা দিয়াৰ পাছতেই ক্ষোভিত হৈ সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

চেনিমাৰীস্থিত দুই নং বিকল্প ৰাজ্যিক ঘাইপথত কাষত থকা তিতাপানী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত লাংলা বি বি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে(Student protest in Kalgachia) । জানিব পৰা মতে লাংলা বি বি মহাবিদ্যালয়ত শনিবাৰে ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল । নিশাৰ ভাগত ছাত্ৰী এজনী অচেতন হৈ পৰি যোৱাত একাংশ শিক্ষাৰ্থীয়ে চিকিৎসালয়ত ভৰ্তি কৰায় ।

ইয়াৰ পাছতেই শিক্ষাৰ্থীকেইজনে নাৰ্ছগৰাকী ভালকৈ পৰীক্ষণ কৰিবলৈ অনুৰোধ জনোৱাৰ পাছত প্ৰত্যুত্তৰত নাৰ্ছ গৰাকীয়ে ছাত্ৰ সকলক বাহিৰলৈ যাবলৈ কৈ বাংলাদেশী বুলি মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰসকলে । নাৰ্ছগৰাকীয়ে বাংলাদেশী বুলি কোৱাৰ লগেলগেই ক্ষোভিত হৈ পৰে ছাত্ৰসকল । ইয়াৰ পাছতে চিকিৎসালয়খনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । লগে লগে সেই স্থানত গোট খাই স্থানীয় ৰাইজ । ছাত্ৰ সকলৰ লগতে স্থানীয় ৰাইজেও সাব্যস্ত কৰে তীব্র প্ৰতিবাদ । লগতে নাৰ্ছগৰাকীক অতি সোনকালে চাকৰিৰ পৰা নিলম্বনৰ দাবী জনায় প্ৰতিবাদকাৰী ছাত্ৰ তথা ৰাইজে ।

স্বাস্থ্যকেন্দ্ৰ উত্তাল কৰিলে ছাত্ৰই

উল্লেখ্য যে এনেধৰণৰ চিকিৎসা কৰ্মীৰ বাবেই ৰোগীৰ মৃত্যু হয় বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী ছাত্ৰসকলে । গতিকে এনেধৰণৰ চিকিৎসা কৰ্মী এই অঞ্চলত নালাগে বুলি উল্লেখ কৰে । এনে মানসিকতাৰ লোকসকলৰ বাবেই অসমত হিন্দু মুছলমানৰ সংঘাট সংঘটিত হোৱাৰো অভিযোগ উত্থাপন কৰে ছাত্ৰসকলে । সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব বিছৰা ছাত্ৰ সকলক কিয় বাংলাদেশী আখ্যা দিব বুলি গৰজি উঠে ছাত্ৰসকল । অতি শীঘ্ৰে এই ঘটনাৰ এক উচিত তদন্ত কৰিবলৈ মুখ্যন্ত্ৰীক আহ্বান জনাই প্ৰতিবাদকাৰী ছাত্ৰসকলে ।

লগতে পঢ়ক: Wild elephant attack: বকোত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.