ETV Bharat / state

বৰপেটাত এন আৰ চিৰ নামত খিলঞ্জীয়া লোকৰ হাৰাশাস্তি ! - হাৰাশাস্তি

খিলঞ্জীয়া অসমীয়া লোকৰ বিৰুদ্ধে ভুৱা অভিযোগ ৷ নিজৰ নাগৰিকত্ব সাব্যস্ত কৰিবৰ বাবে এন আৰ চি সেৱা কেন্দ্ৰৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিবলগীয়া হৈছে অসমৰ খিলঞ্জীয়া লোক ৷

হৰকুমাৰ দেৱ গোস্বামী
author img

By

Published : May 8, 2019, 4:40 PM IST

বৰপেটা , 08 মে': এন আৰ চিৰ নামত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে খিলঞ্জীয়া অসমীয়া পৰিয়াল ৷ এন আৰ চিৰ খচৰাত নাম অন্তৰ্ভূক্ত বহু খিলঞ্জীয়া লোকৰ বিৰুদ্ধে এটা চক্ৰই ভুৱা অভিযোগ উত্থাপন কৰাৰ অভিযোগ ৷ জিলাখনৰ সৰভোগৰ হৰকুমাৰ গোস্বামী নামৰ এজন লোকে নিজৰ নাগৰিকত্ব সাব্যস্ত কৰিবৰ বাবে এন আৰ চি সেৱা কেন্দ্ৰৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিবলগীয়া হৈছে ৷

বৰপেটাত এনআৰচিৰ নামত খিলঞ্জীয়া লোকৰ হাৰাশাস্তি !

এন আৰ চিত অবৈধভাৱে নাম অন্তৰ্ভুক্তিৰ বিৰুদ্ধে একাংশ ঠিকনাবিহীন আৰু পৰিচয়হীন লোকে এন আৰ চি কতৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিছিল ৷ আৰু এই অভিযোগৰ পাচতেই নিজৰ নাগৰিকত্বক লৈ বহু খিলঞ্জীয়া অসমীয়াই হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ জানিব পৰা মতে হৰকুমাৰ গোস্বামীৰ নাগৰিকত্বক লৈ কোনো লোকে এন আৰ চি কতৃপক্ষক আপত্তি দৰ্শাইছিল ৷ সেয়ে ভুক্তভোগী লোকজনে এন আৰ চিৰ শুনানীত অংশ লৈ অভিযোগকাৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰি আইনগত ব্যৱস্থা লোৱাৰো সকীয়নি দিয়ে ৷ ইয়াৰোপৰি এনে এক অন্যায় ব্যৱস্থাৰ বিৰুদ্ধে ৰাইজ ৰাজপথলৈ আহিব লাগে বুলিও আহ্বান জনায় গোস্বামীয়ে ৷ ইপিনে কেৱল সৰভোগৰ হৰকুমাৰ দেৱ গোস্বামীয়েই নহয়, এই লোকজনৰ দৰেই এতিয়া বহু খিলঞ্জীয়া লোকেও নাগৰিকত্বক লৈ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ অসমীয়া খিলঞ্জীয়া লোকে নিজৰ নাগৰিকত্বক লৈ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া ঘটনাই যেন নাগৰিকপঞ্জী প্ৰস্তুতৰ ক্ষেত্ৰত কোনো চক্ৰই ষড়যন্ত্ৰ চলাইছে বুলি সচেতন মহলৰ মাজত প্ৰশ্ন উদয় হৈছে ৷

Slug:      as_bar_8may_local_people_harassment_by_the_name_of_nrc_vis+bite+photo_7203841                    

খিলঞ্জীয়া অসমীয়ালোকৰ বিৰুদ্ধে ভূৱা অভিযোগঃ
এনআৰচিৰ নামত খিলঞ্জীয়া লোকো সন্মুখীন হাৰাশাস্তিৰ ৷

বৰপেটা, ৮ মে'ঃ এনআৰচিৰ নামত হাৰাশাস্তিৰ সন্মুখীন খিলঞ্জীয়া অসমীয়া পৰিয়াল ৷ এনআৰচিৰ খচৰাত নাম অন্তৰ্ভূক্ত বহু খিলঞ্জীয়া লোকৰ বিৰুদ্ধে এটা চক্ৰই উত্থাপন কৰিছে ভূৱা অভিযোগ ৷ এনআৰচিত অবৈধভাৱে নাম অন্তৰ্ভূক্তিৰ বিৰুদ্ধে একাংশ সঠিক ঠিকনাবিহীন আৰু পৰিচয়হীন লোকে এনআৰচি কতৃপক্ষৰ ওচৰত দাখিল কৰিছিল অভিযোগ ৷ আৰু এই অভিযোগৰ পিচতেই নিজৰ নাগৰিকত্বক লৈ হাৰাশাস্তিৰ সন্মুখীন হবলগীয়া হৈছে বহু খিলঞ্জীয়া অসমীয়া ৷ নিজৰ নাগৰিকত্ব সাব্যস্ত কৰাৰ বাবে এনেদৰেই  এনআৰচি সেৱা কেন্দ্ৰৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিবলগীয়া হৈছে সৰভোগৰ এইগৰাকী খিলঞ্জীয়া অসমীয়া ৷ বৰপেটা জিলাৰ সৰভোগৰ হৰকুমাৰ গোস্বামীৰ নাগৰিকত্বক লৈ কোনো লোকে এনআৰচি কতৃপক্ষক দৰ্শাইছিল আপত্তি ৷ আৰু এনআৰচিৰ শুনানীত অংশ লৈ অভিযোগকাৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে লোকজনে ৷ অসমীয়া খিলঞ্জীয়া পৰিয়াল এটাত জন্মগ্ৰহন কৰা লোকজনৰ নাগৰিকত্বক লৈ আপত্তি দৰ্শোৱা লোকসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰো সকিয়নি দিয়ে ৷ আনকি এনে এক অন্যায় ব্যৱস্থাৰ বিৰুদ্ধে ৰাইজ ৰাজপথলৈ  আহিব লাগে বুলিও আহ্বান জনালে ভূক্তভোগী হৰকুমাৰ দেৱ গোস্বামীয়ে ৷ অকল সৰভোগৰ হৰকুমাৰ দেৱ গোস্বামীয়েই নহয়, এই লোকজনৰ দৰেই এতিয়া বহু খিলঞ্জীয়া লোকেও নাগৰিকত্বক লৈ হাৰাশাস্তিৰ সন্মুখীন হবলগীয়া হোৱা ঘটনাই যেন নাগৰিকপঞ্জী প্ৰস্তুতৰ ক্ষেত্ৰত কোনো চক্ৰই ষড়যন্ত্ৰ তলাইছে নেকি বুলিও প্ৰশ্নৰ উদয় হৈছে ৷

বাইটঃ হৰকুমাৰ দেৱ গোস্বামী ৷
--- বাপকন দাস, বৰপেটা
 ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.