ETV Bharat / state

বিজেপিয়ে বিটিচিত চিংগেল ডিজিটো নাপায়: হাগ্ৰামা মহিলাৰী

এইবাৰ নিৰ্বাচনত বিজেপিয়ে দুখন আসন লাভ কৰাৰ সম্ভাৱনা আছিল যদিও হিমন্ত বিশ্বই বিজেপিৰ প্ৰচাৰ চলোৱাৰ পাছত বৰ্তমান এখনো আসন বিজেপিয়ে লাভ নকৰে বুলি দাবী কৰি কয় মহিলাৰীয়ে ৷

hagrama mohilary election campaign in chirang
বিজেপিয়ে বিটিচিতচিংগেল ডিজিটো নাপায়: হাগ্ৰামা মহিলাৰী
author img

By

Published : Nov 21, 2020, 10:30 PM IST

বৰপেটাৰোড, 21 নবেম্বৰ : মথনগুৰীৰ গহেখান্দাত শনিবাৰে বিপিএফৰ প্ৰাৰ্থী বেগম আখতাৰা আহমেদৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ৷ হাগ্ৰামাই সভাত অংশ লৈ বিটিচি নিৰ্বাচনত বিজেপিয়ে এখনো আসন লাভ নকৰে বুলি উল্লেখ কৰে ৷ হাগ্ৰামাই ইউপিপিএল দলৰো বৰ্তমান একো কাম নাই বুলি মন্তব্য় কৰে ৷ তেওঁ এইবাৰ বিটিচিত চৰকাৰ গঠন কৰাৰ পাছত এপ্ৰিল মাহৰ আগতে বিটিচিৰ অন্তৰ্গত সকলোকে মাটিৰ পাট্টা দিয়াৰ কথাও উল্লেখ কৰে । তাৰোপৰি বিটিআৰ চুক্তি কি আছে হাগ্ৰামাই একো নজানে বুলি মন্তব্য কৰি সাক্ষী হিচাপে কেবল চহীহে কৰাৰ কথা দোহাৰি বিটিআৰ চুক্তিৰ খচৰা হিমন্ত আৰু প্ৰমোদ বড়োৱে বনাইছে বুলি উল্লেখ কৰে । লগতে বিটিআৰ চুক্তিত বড়ো আৰু ট্ৰাইবেলৰ বাহিৰে অন্য কোনো জাতিৰে ভাষা-সংস্কৃতিৰ ৰক্ষণাবেক্ষণৰ কথা উল্লেখ নাই বুলিও কয় হাগ্ৰামা মহিলাৰীয়ে ৷ সেয়ে এই চুক্তিক সংশোধন কৰাৰ প্ৰয়োজন আছে বুলি মহিলাৰীয়ে উল্লেখ কৰে ।

hagrama mohilary election campaign in chirang
বিজেপিয়ে বিটিচিত চিংগেল ডিজিটো নাপায়: হাগ্ৰামা মহিলাৰী

মহিলাৰীয়ে এইবাৰ নিৰ্বাচনত ২৫ পৰা ৩০ খন আসন লাভ কৰি বিটিচিত চৰকাৰ গঠন কৰাৰ হুংকাৰ দিয়ে । হাগ্ৰামাই এইবাৰ নিৰ্বাচনত বিজেপিয়ে দুখন আসন লাভ কৰাৰ সম্ভাৱনা আছিল যদিও হিমন্ত বিশ্বই বিজেপিৰ প্ৰচাৰ চলোৱাৰ পাছত বৰ্তমান এখনো আসন বিজেপিয়ে লাভ নকৰে বুলি দাবী কৰি কয় মহিলাৰীয়ে ৷ তেওঁ লগতে কয় যে, বৰ্তমান হিমন্ত বিশ্ব শৰ্মা দিল্লীত আছে । তাৰপৰা উভতি আহি সভাত মোক যি মন্তব্য দিব তাৰ পিছত মই মন্তব্য দিম বুলিও উল্লেখ কৰে মহিলাৰীয়ে । বিজেপিৰ লগত বিপিএফৰ কিবা বুজাবুজি আছে নেকি বুলি সোধা প্ৰশ্নৰ প্ৰত্যুত্তৰত মহিলাৰীয়ে কয় য়ে, বৰ্তমান বিজিপিৰ লগত আমাৰ কোনো বুজাবুজি নাই । বিজেপিৰে বুজাবুজি প্ৰমোদ বড়োৰ লগত অৰ্থাৎ ইউপিপিএলৰ লগত আছে বুলি কয় বিপিএফৰ প্ৰধানগৰাকীয়ে । তেওঁ বিজেপি আৰু ইউপিপিএলে আসনৰ বুজাবুজি কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছে বুলি অভিযোগ কৰে ৷

বিজেপিয়ে বিটিচিতচিংগেল ডিজিটো নাপায়: হাগ্ৰামা মহিলাৰী

বিজেপি-বিপিএফৰ মিত্ৰতাৰ ভৱিষ্যত কি হ'ব বুলি হাগ্ৰামাক প্ৰশ্ন কৰাত মহিলাৰীয়ে বিটিচি নিৰ্বাচন শেষ হোৱাৰ পিছত সকলো কথা জনাম বুলিও উল্লেখ কৰে । ইমানুৱেল মুছাহাৰী আৰু বিশ্বজিৎ দৈমাৰী বিজেপিত যোগদান কৰাত বিপিএফৰ ক্ষতি হ’ব নেকি বুলি সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত মহিলাৰীয়ে কয় বিপিএফ দলৰ একো ক্ষতি নহয় । দুই মাহ পূৰ্বৰে পৰাই বিশ্বজিত দৈমাৰী ইমানুৱেল মুছাহাৰী বিজেপিৰ লগত আছে । বিজেপিয়ে বিটিচিত ডবল ডিজিট নহয় চিংগল ডিজিটো নাপায় । নিৰ্বাচনী সভাখনত কৌতুক অভিনেতা বিপুল ৰাভা, কন্ঠশিল্পী ভৃগু কাশ্যপ উপস্থিত থাকে ।

লগতে পঢ়ক: বাক্সাৰ শালবাৰীত প্ৰমোদ বড়োৰ নিৰ্বাচনী সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.