বৰপেটা,২৬ আগষ্ট: ৰঘুমলা শিপাৰ দৰে বাঢ়িছে গাঁও পঞ্চায়তসমূহৰ দুৰ্নীতি(Corruption in panchayats) । সাধাৰণ জনতাৰ নামত অহা আঁচনিৰ ধনেৰে পকেট গৰম কৰাৰ ধান্দাত ব্যাপক দুৰ্নীতিত লিপ্ত হৈছে পঞ্চায়ত কৰ্মী তথা পঞ্চায়ত কৰ্মীৰ আত্মীয় । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বৰপেটাৰ গাঁও পঞ্চায় সমূহতো দেখা গৈছে ব্যাপক দুৰ্নীতি । এইবাৰ আঁচনিৰ ধন আত্মসাৎ কৰি ৰঙাঘৰৰ আলহী হ'ল বৰপেটাৰ এখন গাঁও পঞ্চায়তৰ সভানেত্ৰী(GP president arrested) ।
বৰপেটা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ কুমুল্লিপাৰা গাঁও পঞ্চায়তৰ কংগ্ৰেছ সভানেত্ৰী ৰুমা পাৰবিন চুলতানা খানম ৷ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সভানেত্ৰীগৰাকীৰ স্বামী আলাল উদ্দিনকো(GP president and husband arrested) ৷ গাওঁ পঞ্চায়তখনৰ সচিবৰ চহী জাল কৰি সভানেত্ৰী আৰু সভানেত্ৰীৰ স্বামীয়ে উলিয়াই নিছিল আঁচনিৰ বৃহৎ পৰিমানৰ ধন ৷ গাওঁ পঞ্চায়তখনৰ সচিবৰ চহী জাল কৰি আঁচনি ৰূপায়ন নকৰাকৈয়ে চতুৰ্দশ বিত্তীয় আয়োগৰ ২৫ লক্ষাধিক টকা উলিয়াইছিল সভানেত্ৰীগৰাকী আৰু তেওঁৰ স্বামীয়ে ৷
ফলত গাঁও পঞ্চায়তখনৰ সচিবৰ এজাহাৰৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে পঞ্চায়ত সভানেত্ৰী ৰুমা পাৰবিন চুলতানা খানমৰ লগতে তেওঁৰ স্বামী আলাল উদ্দিনক গ্ৰেপ্তাৰ কৰে ৷ বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই স্বামী-স্ত্ৰীক বৃহস্পতিবাৰে বৰপেটা মুখ্য ন্যায়িক দণ্ডাধিশৰ আদালতত হাজিৰ কৰােৱাৰ পিচতে আদালতে দুয়োকে ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷
লক্ষ্যণীয়ভাৱে আলাল উদ্দিনক পঞ্চায়তৰ ধন হৰলুকিৰ লগতে POSCO আইনৰ ধাৰা ৮৩১/২২ অনুযায়ীও গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷
লগতে পঢ়ক: বোকাখাতত বাঁহৰ সাঁকোৱে ভৰষা সহস্ৰাধিক লোকৰ