ETV Bharat / state

বৰপেটাৰ আতচবাজী উদ্যোগৰ উন্নয়নৰ বাবে পুঁজি ধাৰ্য চৰকাৰৰ - আতচবাজী

সত্ৰনগৰী বৰপেটা অনেক থলুৱা শিল্পৰ বাবেও জগত বিখ্যাত ৷ বৰপেটাৰ ঐতিহ্যপূৰ্ণ মৃতপ্ৰায় আতচবাজী উদ্যোগটোৰ উন্নয়ন আৰু বিকাশৰ বাবে শেহতীয়াভাৱে আগবাঢ়ি আহিছে ৰাজ্য চৰকাৰ ৷

Government to earmark funds for development of Barpeta fireworks industry
বৰপেটাৰ আতচবাজী উদ্যোগৰ উন্নয়নৰ বাবে পুঁজি ধাৰ্য চৰকাৰৰ
author img

By

Published : Oct 4, 2021, 6:55 PM IST

বৰপেটা, ৪ অক্টোবৰ : সত্ৰীয়া পৰম্পৰা আৰু ঐতিহ্যৰে পৰিপূৰ্ণ সত্ৰনগৰী বৰপেটা অনেক থলুৱা শিল্পৰ বাবেও জগত বিখ্যাত ৷ বৰপেটাৰ ঐতিহ্যপূৰ্ণ মৃতপ্ৰায় আতচবাজী উদ্যোগটোৰ উন্নয়ন আৰু বিকাশৰ বাবে শেহতীয়াভাৱে আগবাঢ়ি আহিছে ৰাজ্য চৰকাৰ ৷ ৰাজ্য চৰকাৰৰ উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকা মঙলবাৰে বৰপেটাত উপস্থিত হৈ বৰপেটাৰ আতচবাজী শিল্প গাঁওখন পৰিদৰ্শন কৰে ৷

বৰপেটাৰ আতচবাজী উদ্যোগৰ উন্নয়নৰ বাবে পুঁজি ধাৰ্য চৰকাৰৰ

উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষগৰাকীয়ে বৰপেটাৰ জিলা উপায়ুক্তৰ সভাকক্ষত জিলা প্ৰশাসন আৰু উদ্যোগ বিভাগৰ বিষয়াসকলৰ সৈতেও এক বৈঠকত মিলিত হয় ৷ বৈঠকত আতচবাজী শিল্পী সকলৰ সমস্যা আৰু ইয়াৰ সমাধান সম্পৰ্কে আলোচনা কৰা হয় ৷ উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষগৰাকীয়ে আতচবাজী শিল্পীসকলৰ মূলধনৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সুদ বিহীনভাৱে এটা পুঁজিৰ অনুদান আগবঢ়োৱাৰ পৰিকল্পনাৰ কথা ঘোষণা কৰে ৷

বৰপেটাৰ আতচবাজী শিল্পৰ লগতে দেশে-বিদেশে খ্যাতি অৰ্জন কৰি বৰপেটাৰ বাঁহ শিল্পৰ উন্নয়নৰ বাবেও পৰৱৰ্তী সময়ত ব্যৱস্থা লোৱাৰ কথা প্ৰকাশ কৰে উপাধ্যক্ষগৰাকীয়ে ৷ অৱশ্যে উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকাই বৰপেটাৰ থলুৱা আতচবাজী শিল্পটোৰ বুজ ল'বলৈ অহাৰ কথা শিল্পটোৰ সৈতে জড়িত বেছিসংখ্যক পৰিয়ালে অৱগত নহয় বুলি অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক: আকৌ গ্ৰেপ্তাৰ হ’ব পাৰে ৰাজকন্যা বৰুৱা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.