ETV Bharat / state

এখন চৰকাৰী বিদ্যালয় য’ত সংৰক্ষিত হৈছে অসমীয়া সমাজ জীৱনৰ বহু আপুৰুগীয়া সম্পদ - অকয়া উচ্চ মাধ্যমিক বিদ্যালয়

অসমীয়া সমাজ জীৱনৰ ঐতিহ্য সংৰক্ষণ কৰা এখন চৰকাৰী বিদ্যালয়(Government school in Bajali preserves heritage of Assam) ৷ বিদ্যালয়খনে সংৰক্ষণ কৰি ৰাখিছে আমাৰ মাজৰ পৰা ক্ৰমাৎ হেৰাই যাব ধৰা ঐতিহ্যসমূহ ৷ প্ৰায় এবছৰ পূৰ্বে বিদ্যালয়খনৰ বৰ্তমানৰ প্ৰধান শিক্ষকগৰাকীৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল এই সম্পদসমূহ সংৰক্ষণ কৰি ৰাখিব পৰাকৈ এটা সংগ্ৰহালয় ৷ চৰকাৰী বিদ্যালয়খনৰ বিষয়ে জানিবলৈ সবিশেষ পঢ়ক...

bajalis government school preserves heritage of assam
অকয়া উচ্চ মাধ্যমিক বিদ্যালয়ত অসমীয়া ঐতিহ্য সংৰক্ষণ
author img

By

Published : Dec 1, 2021, 6:27 PM IST

পাঠশালা, 1 ডিচেম্বৰ : এখন চৰকাৰী বিদ্যালয়, যিখন বিদ্যালয়ত সংৰক্ষণ কৰি ৰখা হৈছে অসমীয়া সমাজৰ ঐতিহ্য(Government school in Bajali preserves heritage of Assam) বহনকাৰী বহু সমল ৷ যিসময়ত ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহে শৈক্ষিক দিশৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে, তেনে সময়তে এইখন চৰকাৰী বিদ্যালয়ৰ কৰণীয়ই নিশ্চয়কৈ মোহিত কৰি তুলিব আপোনাক ৷ কেৱল শৈক্ষিক ক্ষেত্ৰতেই নহয়, বিদ্যালয়খনে সংৰক্ষণ কৰি ৰাখিছে আমাৰ মাজৰ পৰা ক্ৰমাৎ হেৰাই যাব ধৰা ঐতিহ্যসমূহ ৷ এই ঐতিহ্য পৰম্পৰাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক কিছু ব্যৱহাৰিক জ্ঞানো প্ৰদান কৰিব বিচাৰিছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই ৷

বজালী জিলাৰ অন্তৰ্গত অকয়া গাঁৱত অৱস্থিত এই বিদ্যালয়খন হৈছে অকয়া উচ্চ মাধ্যমিক বিদ্যালয়(Akaya High School) ৷ জিলাখনৰ সদৰ পাঠশালাৰ পৰা প্ৰায় 15 কিল’মিটাৰ নিলগত অৱস্থিত এইখন চৰকাৰী বিদ্যালয়ত পাঠ গ্ৰহণৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া সমাজৰ কিছু পৰম্পৰাগত সম্পদৰ সৈতে পৰিচয় লাভ কৰিছে ৷ বিদ্যালয়খনৰ এটা কোঠাত সংৰক্ষণ কৰি ৰখা হৈছে অসমীয়া সমাজ জীৱনৰ কিছু পৰিচয় বহনকাৰী সম্পদ ৷

অকয়া উচ্চ মাধ্যমিক বিদ্যালয়ত অসমীয়া ঐতিহ্য সংৰক্ষণ

এটি আটকধুনীয়া সংগ্ৰহালয়ত এই আপুৰুগীয়া সম্পদসমূহ সংৰক্ষণ কৰি ৰাখিছে বিদ্যালয় কৰ্তৃপক্ষই ৷ সংগ্ৰহালয়টোত আছে- লোক সংগীতৰ পুৰণি আৰ্হিৰ দতৰা, জাপা, নাঙল, যঁতৰ, জাপি, লেম্প, ব্ৰিটিছৰ দিনৰ এবিধ বিশেষ পেঁপা, ব্ৰিটিছ চৰকাৰৰ দিনত যুদ্ধত ব্যৱহাৰৰ কৰা গুলিৰ বাকচ, কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা বিশেষ ধৰণৰ ৰেন্দা ধৰা দাঁত, কাঠৰ চেণ্ডেল, তামোলৰ মাকু, 150 বছৰ পুৰণি দগা, 1940 চনৰ মুদ্ৰা, দোলক, ঘড়ী আদি বিভিন্ন আপুৰুগীয়া সম্পদ, যিসমূহ হৈছে অসমীয়া সমাজৰ ঐতিহ্যবহনকাৰী সম্পদ ৷

উল্লেখ্য যে, 1964 চনত স্থাপন হোৱা অকয়া উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰায় এবছৰ পূৰ্বে প্ৰধান শিক্ষক গৌতম দত্তৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল এই বিশেষ সংগ্ৰহালয়টো ৷ সংগ্ৰহালয়টো সাজি উলিওৱাৰে পৰা ব্যৱহাৰিক দিশত যথেষ্ট উপকৃত হৈছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল ৷ আগন্তুক দিনত সংগ্ৰহালটো অধিক উন্নতমানৰ সংগ্ৰহালয় হিচাপে গঢ়ি তোলা হ’ব বুলি সদৰী কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৌতম দত্তই ।

ইয়াৰোপৰি, প্ৰধান শিক্ষকগৰাকীৰ প্ৰচেষ্টাতেই বিদ্যালয়খনত জোতা, টাঁই আদি পৰিধান কৰি শৃংখলাবদ্ধতা বজাই ৰাখিছে ছাত্ৰ-ছাত্ৰীসকলে ৷ শৈক্ষিক দিশৰ লগতে ব্যৱহাৰিক দিশতো ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰা এই পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয় বুলি উল্লেখ কৰিব পাৰি ৷

লগতে পঢ়ক : অসমীয়া চুটি ছবি ‘The Dodo’ৰ শুভমুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.