ETV Bharat / state

Legendary singer Bhupen Hazarika : আজিৰে পৰা 5 নৱেম্বৰলৈ সুধাকন্ঠৰ গীত বজাবলৈ আহ্বান ৰাজ্যবাসীক - সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ গীত পৰিৱেশন

সমাগত 5 নৱেম্বৰ সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ মহাপ্ৰয়াণৰ দিন (Bhupen Hazarika death anniversary) ৷ আজিৰে পৰা 5 নৱেম্বৰৰলৈকে সকলোৱে যাতে ভূপেন হাজৰিকাক সোঁৱৰি তেওঁৰ গীত-মাতৰ চৰ্চা কৰে তাৰ বাবে গতি অসমে সকলোকে আহ্বান জনাইছে (Legendary singer Bhupen Hazarika) ৷

Goti Asom appeal to all Assamese
ভূপেন দা বিহীন পাৰ হ’ল 11 টা বছৰ
author img

By

Published : Nov 1, 2022, 1:44 PM IST

বৰপেটা, 1 নৱেম্বৰ : ভূপেন দা বিহীনভাৱে পাৰ হ’ল 11 টা বছৰ (Death anniversary of Bhupen Hazarika) ৷ কিন্তু আজিও অসমবাসীৰ হিয়াৰ আমঠু শিল্পীগৰাকী জীয়াই আছে প্ৰতিগৰাকী অসমবাসীৰ মনত (Legendary singer Bhupen Hazarika) ৷ কিয়নো অসম আৰু অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী, বিশ্ব বৰেণ্য, সুধাকণ্ঠ, ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকাই অসমীয়াৰ বাবে কৰা কৰ্মৰাজিয়ে অসমবাসীক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিবলৈ সক্ষম হৈছে (Memorial Day of Legendary singer Bhupen Hazarika) ৷

সমাগত 5 নৱেম্বৰ, সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ মহাপ্ৰয়াণৰ দিন ৷ অন্য দিনৰ লেখিয়াকৈ বিশেষকৈ 5 নৱেম্বৰৰ দিনা সুধাকন্ঠক স্মৰণ কৰিব সকলো অসমীয়াই ৷ সুধাকন্ঠৰ স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি আজিৰে পৰা 5 নৱেম্বৰৰ দিনটোলৈকে এই পাঁচোটা দিন ৰাজ্যৰ সৰ্বত্ৰে বিশেষকৈ দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, সভা-সমিতি, ৰাজহুৱা তথা ব্যক্তিগত অনুষ্ঠান-প্ৰতিষ্ঠান, আনকি প্ৰতিটো পৰিয়ালতে সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰাৰ লগতে তেওঁৰ গীত বজাবলৈ অসমবাসীলৈ আহ্বান জনাইছে গতি অসমে ৷

ভূপেন দা বিহীন পাৰ হ’ল 11 টা বছৰ

লগতে পঢ়ক : Sankardev Sangha Controversy : টাইপাৰ ৬ নৱেম্বৰ চৰাইদেউ জিলা বন্ধ প্ৰত্যাহাৰ

গতি অসমৰ সভাপতি তথা লেখক থানেশ্বৰ মালাকাৰে সুধাকন্ঠৰ স্মৃতি দিৱসটো এনেদৰে তেওঁৰ গীতৰ মাজেৰেই ব্যতিক্ৰমীভাৱে পালনৰ বাবে সমগ্ৰ অসমবাসীলৈ আহ্বান জনাইছে ৷ ৰাজ্যৰ প্ৰতিজন অসমীয়াৰ মনতে যাতে সুধাকন্ঠৰ স্মৃতি সজীৱ হৈ উঠে তাৰ বাবেই ৰাজ্যত 5 টা দিন সুধাকন্ঠৰ গীত পৰিৱেশন, গীতৰ প্ৰতিযোগিতা, গীতৰ কৰ্মশালা আদি অনুষ্ঠিত কৰাৰ বাবেও অহ্বান জনাইছে গতি অসমৰ সভাপতি থানেশ্বৰ মালাকাৰে ৷

লগতে সুধাকন্ঠৰ জীৱন আৰু কৰ্মৰ সৈতে নৱ প্ৰজন্মক পৰিচয় কৰাই দিয়াৰ বাবে আজিৰে পৰা 5 নৱেম্বৰৰ দিনটোলৈকে ছাত্ৰ-ছাত্ৰীৰ মাজত সুধাকন্ঠৰ গীত আৰু কুইজ, বক্তৃতা আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰো আহ্বান জনাইছে গতি অসম নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে ৷

লগতে পঢ়ক : Kolia Bhomora Setu: আজিৰে পৰা বন্ধ হ’ব প্ৰথমখন কলীয়া ভোমোৰা দলং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.