ETV Bharat / state

মানাহত মুকলি কৰি দিয়া হ’ল কেকোসাপ - বন্যপ্ৰাণী নিধন তথা বনাঞ্চল ধ্বংস

ৰাজ্যত বিবিধ বন্যপ্ৰাণীৰ লগতে কেকোসাপৰ বৃহৎ চোৰাং ব্যৱসায় চলি থকাৰ সময়তে দেওবাৰে বৰপেটাৰ জ্যোতি নগৰৰ শৈলেন দাস নামৰ লোকজনৰ ঘৰত উদ্ধাৰ হয় এডাল কেকোসাপ ৷ বন বিভাগৰ লোকৰ সহযোগত কেকোসাপ ডাল উদ্ধাৰ কৰি মুকলি কৰি দিয়ে মানাহ ৰাষ্ট্ৰীয় উদ্যানত ৷

gecko snake recovered at barpeta
মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰিলে এডাল কেকোসাপ
author img

By

Published : May 17, 2021, 2:56 PM IST

বৰপেটা,17 মে: যি সময়ত একাংশ লোকে বন্যপ্ৰাণী নিধন তথা বনাঞ্চল ধ্বংস কৰি চোৰাং বেহা চলাই আহিছে তেনে সময়তে বহু লোকে বন্যপ্ৰাণীৰ সুৰক্ষা আৰু সংৰক্ষণত সহযোগিতা আগবঢ়াই আহিছে ৷ ৰাজ্যখনত বিবিধ বন্যপ্ৰাণীৰ লগতে বিশেষকৈ কেকোসাপৰ বৃহৎ চোৰাং ব্যৱসায় চলি থকাৰ লগতে বিভিন্ন সময়ত কেকোসাপৰ চোৰাং বেহাৰ সৈতে জৰিত বহু লোক আৰক্ষীৰ হাতত আটক হৈছে ৷ বন্য জীৱ-জন্তুৰ আন্তৰাষ্ট্ৰীয় চোৰাং বজাৰত এডাল কেকোসাপৰ মূল্য কেইবালক্ষাধিক টকা হোৱাৰ সময়তে বৰপেটাত উদ্ধাৰ হৈছে কেকোসাপ ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰিলে এডাল কেকোসাপ

দেওবাৰে বৰপেটাৰ জ্যোতি নগৰৰ শৈলেন দাস নামৰ লোকজনৰ ঘৰত আশ্ৰয় লৈ থকা এডাল কেকোসাপ উদ্ধাৰ কৰে লোকজনে ৷ সাপডাল উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়ে লোকজনে ৷ শৈলেন দাসৰ ঘৰত কেবাদিন ধৰি আশ্ৰয় লৈ থকা কেকোসাপডাল বন বিভাগৰ লোকে উদ্ধাৰ কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়ে ৷ চোৰাং ব্যৱসায়ী অথবা অসাধু লোকৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যেৰে তথা বন্যপ্ৰাণী সুৰক্ষাৰ বাবে শৈলেন দাসৰ পৰিয়ালটোৱে লোৱা ভূমিকাৰ বাবে শলাগ লৈছে বৰপেটাৰ খণ্ড বন বিষয়া বনজিৎ দাসে ৷

লগতে পঢ়ক: ক’ভিড প্ৰট’কল: তিনিচুকীয়াত সষ্টম আৰক্ষী-প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.