বৰপেটাৰোড 31 অক্টোবৰ : সৰভোগৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভূলুকাডোবাৰ নৈৰ দলঙৰ সমীপত সৰভোগ আৰক্ষীয়ে অভিযান চলাই শনিবাৰে ৩ কিলো গাঞ্জা জব্ধ কৰিবলৈ সক্ষম হয় । এক গোপন সূত্ৰৰ সৰভোগ সৰভোগ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰঞ্জন দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই অভিযান চলাই AS 19C 7657 নম্বৰৰ এখন অটোত প্লাষ্টিকৰ মোনা এখনৰ পৰা গাঞ্জাখিনি জব্দ কৰে । বৰপেটাৰোডৰ পৰা গাঞ্জাখিনি অটো গাড়ীৰে কঢ়িয়াই লৈ গৈ থকা অৱস্থাত ৰুবুল ইছলাম আৰু ৰাফিজুল আলী নামৰ যুৱক দুজনক আৰক্ষীয়ে আটক কৰে ।

উল্লেখ্য যে, বিভিন্ন সময়ত বৰপেটাত গাঞ্জাৰ লগতে বিভিন্ন নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই আহিছে ৷ বহু পৰিমাণৰ নিচাযুক্ত দ্ৰব্যৰ লগতে সৰবৰাহকাৰীক আটক কৰিবলৈও সক্ষম হৈছে আৰক্ষী ৷
লগতে পঢ়ক : ৰূপজ্যোতি কুৰ্মী এজন দায়িত্বশীল ব্যক্তি আৰু বিধায়ক: অপূৰ্ব কুমাৰ ভট্টাচাৰ্য