ETV Bharat / state

বিটিচি দখল কৰিব পাৰিলে প্ৰতিখন গাঁৱলৈ ২০ৰ পৰা ৫০ লাখ টকাৰ অনুদান ঘোষণা !

author img

By

Published : Nov 19, 2020, 1:14 PM IST

নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে বাক্সাৰ ছলিকান্দাত গণ সুৰক্ষা পাৰ্টি আৰু অবড়ো সুৰক্ষা সমিতিয়ে এক বিশাল গণ সমাবেশ আয়োজন কৰি শক্তি প্ৰদৰ্শন কৰে । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ উদ্দেশ্যে বিভিন্ন প্ৰতিশ্ৰুতি দিয়াৰ লেখিয়াকৈ গণ সমাবেশখনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰনীয়াইও ভোটাৰ ৰাইজক বিভিন্ন প্ৰতিশ্ৰুতি দিয়া পৰিলক্ষিত হয় ।

gana suksha meeting at baksha
বিটিচি দখল কৰিব পাৰিলে প্ৰতিখন গাঁৱলৈ ২০ৰ পৰা ৫০ লাখ টকাৰ অনুদান ঘোষণা !

বৰপেটাৰোড,19 নৱেম্বৰঃ বিটিচিত আগন্তুক 7 আৰু 10 ডিচেম্বৰত পৰিষদীয় নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব ৷ সম্প্ৰতি নিৰ্বাচনৰ প্ৰাকক্ষনত ৰাজনৈতি দল সমূহৰ তৎপৰতা ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে । তাৰ সমান্তৰল ভাৱে বাক্সাৰ শালবাৰী সমষ্টিতো প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে ।

ইপিনে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে বাক্সাৰ ছলিকান্দাত গণ সুৰক্ষা পাৰ্টি আৰু অবড়ো সুৰক্ষা সমিতিয়ে এক বিশাল গণ সমাবেশ আয়োজন কৰি শক্তি প্ৰদৰ্শন কৰে । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ উদ্দেশ্যে বিভিন্ন প্ৰতিশ্ৰুতি দিয়াৰ লেখিয়াকৈ গণ সমাবেশখনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰনীয়াইও ভোটাৰ ৰাইজক বিভিন্ন প্ৰতিশ্ৰুতি দিয়া পৰিলক্ষিত হয় ।

আনহাতে সাংসদ শৰনীয়াই সভাত উপস্থিত ভোটাৰ ৰাইজক বিভিন্ন প্ৰতিশ্ৰুতিৰ মাজতেই বিটিচি দখল কৰিব পাৰিলে প্ৰতিখন গাঁৱলৈ ২০ৰ পৰা ৫০ লাখ টকাৰ অনুদান ঘোষনা কৰাৰ উপৰি মন্দিৰ, মছজিদ, বাথৌ, গীৰ্জা নিৰ্মাণৰ বাবে ১০ লাখ টকা প্ৰদান কৰিব বুলি কয় । লগতে আত্মসহায়ক গোট সমূহক ১ লাখকৈ টকাৰ অনুদান দিয়াৰ কথাও ঘোষণা কৰে । ইয়াৰোপৰি সাংসদ নৱ কুমাৰ শৰনীয়াই প্ৰমোদ বড়োৱে ট্ৰেক্টৰ দিয়াৰ প্ৰসংগ উল্লেখ কৰি গণ সুৰক্ষা পাৰ্টিয়ে হালোৱা গৰু দিব বুলিও ৰাইজক প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়কঃ মহানগৰীত এখন বিদ্যালয়ে পৰীক্ষাত বহাৰ পৰা বঞ্চিত কৰিলে ছাত্ৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.