ETV Bharat / state

বিএইছপি আৰু বজৰংগ দলৰ উদ্যোগত বজালীত পশু চিকিৎসা শিবিৰ - বিনামূলীয়া চিকিৎসা

বিশ্ব হিন্দু পৰিষদ,বজৰংগ দল আৰু মুক্তি নামৰ এটা বেচৰকাৰী সংস্থাই বজালী আৰু দাঁতি কাষৰীয়া বহুকেইটা অঞ্চলত আয়োজন কৰি আহিছে বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ কাৰ্যসূচী । দেওবাৰেও বজালীৰ ডুমুৰীয়াত এটা বিনামূলীয়া পশু চিকিৎসা শিবিৰ আয়োজন কৰিলে এই তিনিটাকৈ সংগঠনে ।

free veterinary health camp organised by bhp at bajali
বিএইছপি আৰু বজৰংগ দলৰ উদ্যোগত বজালীত পশু চিকিৎসা শিবিৰ
author img

By

Published : Aug 17, 2020, 1:08 PM IST

নিউজ ডেস্ক,১৭ আগষ্ট: বিশ্ব হিন্দু পৰিষদ,বজৰংগ দল আৰু মুক্তি নামৰ এটা বেচৰকাৰী সংস্থাই বজালীৰ বহুকেইটা অঞ্চলত আয়োজন কৰি আহিছে বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ কাৰ্যসূচী । শেহতীয়াকৈ বজালী অঞ্চলৰে নিত্যানন্দত আয়োজিত পশু চিকিৎসা শিবিৰটোত স্থানীয় ৰাইজৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে বজালীৰ ডুমুৰীয়া অঞ্চলত আন এটা বিনামূলীয়া পশু চিকিৎসা শিবিৰ আয়োজন কৰা হয় য'ত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ২৫০ টাতকৈ অধিক গৰুক বিনামূলীয়া চিকিৎসা আৰু ঔষধ বিতৰণ কৰা হয় ।

বিএইছপি আৰু বজৰংগ দলৰ উদ্যোগত বজালীত পশু চিকিৎসা শিবিৰ

বৰপেটা জিলা পশু চিকিৎসা বিভাগে সহায় আগবঢ়োৱা এই চিকিৎসা শিবিৰত চাৰি গৰাকীকৈ পশু চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায় । চিকিৎসা শিবিৰটোৰ লগতে গৰুৰ ক্ষেত্ৰত ল'বলগীয়া বিজ্ঞান সন্মত ব্যৱস্থা আৰু ঘৰচীয়া জন্তু সমূহৰ ক্ষেত্ৰতো সাম্প্ৰতিক পৰিৱেশত প্ৰতিপালন সন্দৰ্ভত ল'বলগীয়া সাৱধানতা শীৰ্ষক এখনি সভা অনুষ্ঠিত হয়, য'ত বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে আগবঢ়ায় গুৰুত্বপূৰ্ণ মন্তব্য l

লগতে পঢ়ক: ভাওনা সংস্কৃতিৰ সাধক কৃষ্ণপদ কলিতালৈ অসম চৰকাৰৰ এককালীন সাহায্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.