ETV Bharat / state

20 লক্ষাধিক টকা লৈ পলায়ন কৰা ৰকিবুল পৰিল আৰক্ষীৰ জালত - ভুক্তভোগী

কলগাছিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰা 20 লক্ষাধিক টকা লৈ পলায়ন কৰা প্ৰৱঞ্চক ৰকিবুল ইছলামক আটক । টকা দিয়া ভূক্তভোগীয়ে ৰকিবুলক আটক কৰি বিচাৰিলে পাবলগীয়া ধন । ইয়াৰ পিছতে আৰক্ষীয়ে ৰকিবুলক উদ্ধাৰ কৰি লৈ যায় কলগাছিয়া আৰক্ষী থানালৈ ।

20 লক্ষাধিক টকা লৈ পলায়ন কৰা ৰকিবুল পৰিল আৰক্ষীৰ জালত

author img

By

Published : Aug 19, 2021, 6:56 PM IST

জনীয়া, 19 আগষ্ট: ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্তমানেও অব্যাহত আছে ঠগ প্ৰৱঞ্চনাৰ দৰে ঘটনা ৷ বিভিন্ন সময়ত নানান চল চাতুৰিৰে বহু প্ৰৱঞ্চকে ধন লুণ্ঠনৰ বহু ঘটনা দেখিবলৈ পোৱা যায় ৷ শেহতীয়াকৈ তেনে এক ঘটনা পোহৰলৈ আহিছে কলগাছিয়াত ৷ এজন লোকে কলগাছিয়াত বিভিন্ন লোকৰ পৰা প্ৰৱঞ্চনা কৰি টকা লৈ উধাও হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

নাম ৰকিবুল ইছলাম। ঘৰ ধুবুৰী জিলাত যদিও বৰ্তমান বৰপেটা ৰোডৰ খোলাবান্দাৰ বাসিন্দা। ভিন্ন অজুহাতত ভিন্নজনৰ পৰা টকালৈ পলায়ন কৰিছিল ৰকিবুলে ৷ উল্লেখ্য যে প্ৰায় তিনি বছৰ পূৰ্বে দক্ষিণ কলগাছিয়াৰ কে বি মাৰ্কেটত খুলিছিল এটা কাপোৰৰ কাৰখানা ।

20 লক্ষাধিক টকা লৈ পলায়ন কৰা ৰকিবুল পৰিল আৰক্ষীৰ জালত

কাৰখানা খোলাৰ পিছৰে পৰাই ৰকিবুল আৰু তেওৰ পত্নী জেছমিনা খাতুনে দক্ষিণ কলগাছিয়াৰ লগতে বালাৰপাথাৰ আৰু কলগাছিয়াৰ ভিন্ন লোকৰ পৰা বিভিন্ন অজুহাতত টকা ধাৰে লোৱাৰ দলিলত চুক্তি কৰি টকা লোৱাৰ উপৰি বহুতৰে পৰা সুততো লৈছিল ধন । তেওলোকৰ ভাড়া ঘৰৰ মালিকৰ পত্নীৰ পৰাও টকা ধাৰে লোৱাৰ লগতে আব্দুল হালিম নামৰ এজন ব্যাক্তিক মাটিৰ দলিল বন্ধকত দি লৈছিল 7 লাখ টকা । তাৰোপৰি পত্নীৰ নামত থকা মাটি বিক্ৰী কৰিব বুলি কৈ ৰকিবুলে বহু কেইজনৰ পৰা টকা সংগ্ৰহ কৰি কৰিছিল পলায়ন ।

ৰকিবুলৰ এই প্ৰবঞ্চনাৰ কথা উপলব্ধি কৰি মতিয়াৰ ৰহমান, আব্দুল হালিম, শ্বহিদুল ইছলাম, আনোৱাৰ হুছেইন, আব্দুল আলিম আৰু মোছলেম উদ্দিনৰ লগতে আন কেইবাজনো ভূক্তভোগীয়ে ৰকিবুলক বিচাৰি খাইছিল হাবাথুৰি । অৱশেষত তিনি মাহৰ অন্তত বুধবাৰে দক্ষিণ কলগাছিয়াত প্ৰৱঞ্চক ৰকিবুলক লগ পাই ভূক্তভোগীয়ে তেওকোলৰ প্ৰাপ্য ধন বিছৰাৰ লগতে কৰিলে আটক ।

ইয়াৰ পিছত আৰক্ষীয়ে ৰকিবুলক সেই স্থানৰ পৰা উদ্ধাৰ কৰি কলগাছিয়া আৰক্ষী থানালৈ লৈ যায় । ইফালে ৰকিবুলে ভিন্নজনৰ পৰা টকালৈ তিনিমাহ ধৰি কলগাছিয়াৰ পৰা আঁতৰি থকাৰ কথা স্বীকাৰ কৰাৰ লগতে ভুক্তভোগীয়ে উত্তম-মধ্যম দিয়া বুলিও অভিযোগ কৰে । ইফালে ৰকিবুলৰ পৰা ভুক্তভোগীয়ে পাবলগীয়া টকা অতি সোনকালে ঘূৰাই বিচাৰি আৰক্ষীক কৰিলে আবেদন ।

লগতে পঢ়ক:প্ৰকৃততে কি ঘটিছে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.