ETV Bharat / state

Fraudster Arrested: কলগাছিয়াৰ বামুনটাৰীত বাইক ক্ৰয় কৰা তিনি প্ৰৱঞ্চক আটক - Fraudster Detained in Kalgachia

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বামুনটাৰীৰ এন এল অটোমোবাইলচৰ পৰা আটক তিনিটাকৈ প্ৰৱঞ্চক ৷ প্ৰৱঞ্চনাৰে এন এল অটোম’বাইলচৰ পৰা বাইক ল’বলৈ আহি আটক হয় প্ৰৱঞ্চককেইটা (Fraudster Arrested in Kalgachia) ৷

Fraudster Arrested in Kalgachia
কলগাছিয়াত আটক তিনিটাকৈ প্ৰৱঞ্চক
author img

By

Published : Apr 12, 2023, 7:27 AM IST

কলগাছিয়াৰ বামুনটাৰীত তিনি প্ৰৱঞ্চক আটক

বৰপেটা, 12 এপ্ৰিল: যেন অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে কলগাছিয়া ৷ কলগাছিয়াৰ বাটে-পথে এতিয়া অপৰাধীৰ টিঘিল-ঘিলনী ৷ বিভিন্ন সময়ত ঠগ-প্ৰৱঞ্চকৰ কবলত পৰিব লগা হৈছে বিভিন্ন জন ৷ এইবাৰ কলগাছিয়াৰ বামুনটাৰীত আটক হ'ল তিনি প্ৰৱঞ্চক (Fraudster Arrested in Kalgachia) ৷

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বামুনটাৰীৰ এন এল অটোম’বাইলচৰ পৰা আটক হ'ল তিনিটাকৈ প্ৰৱঞ্চক ৷ এন এল অটোমোবাইলচৰ পৰা বাইক ল’বলৈ আহি তিনিটাকৈ মটৰ ছাইকেল প্ৰৱঞ্চক আটক হয় (Fraudster Arrested) ৷

জানিব পৰা মতে বহু দিনৰ পৰা এই প্ৰৱঞ্চকৰ দলটোৱে কম ডাউন পেমেণ্টত বিভিন্ন শ্বৰুমৰ পৰা বাইক ক্ৰয় কৰি পৰৱৰ্তী সময়ত সেই বাইক বিক্ৰি কৰি আৰক্ষী থানাত বাইক হেৰুৱা বুলি অভিযোগ দাখিল কৰে ৷ ইয়াৰ পাচত আৰক্ষীক দিয়া অভিযোগৰ ভিত্তিত ইনঞ্চোৰেঞ্চ দাবী কৰে এই প্ৰৱঞ্চককেইটাই ৷

মঙলবাৰে তিনিজকৈ যুৱক বাইক কিনাৰ উদ্দেশ্যৰে উপস্থিত হয় বামুনটাৰীৰ এন এল অটোম’বাইলচত ৷ কিন্ত যুৱক তিনিজনৰ কথা বতৰাত সন্দেহ উপজে এন এল অটোমোবাইলচৰ স্বত্বাধিকাৰী লুতফৰ ৰহমানৰ ৷ লগে লগে লুতফৰ ৰহমানে কলগাছিয়া আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ আটক কৰে প্ৰৱঞ্চক তিনিটাক ৷ ধৃত প্ৰৱঞ্চককেইটা কয়াকুছিৰ ৰফিকুল ইছলাম, ৰকিবুল ইছলাম আৰু কাছুমাৰাৰ আছৰফ আলী বুলি জানিব পৰা গৈছে (Fraudster detained at Kalgachia in Barpeta) ৷

নলবাৰী জিলাৰ আবুল হুছেইন নামৰ এজন ব্যক্তিয়ে এই প্ৰৱঞ্চক চক্ৰটোক নেতৃত্বত দি আছে বুলি জানিব পৰা গৈছে ৷ আবুল হুছেইনে নতুন বাহন উলিয়াবলৈ এককালীনভাৱে চল্লিশৰ পৰা পঞ্চাশ হাজাৰকৈ টকা যোগান দিয়ে বুলি জানিবলৈ দিছে ধৃত প্ৰৱঞ্চককেইটাই ৷ এই চক্ৰটোৱে নূন্যতম মূল্যত ডীলাৰৰ পৰা বাইক ক্ৰয় কৰি বেলেগত বিক্ৰী কৰে আৰু পৰৱৰ্তী সময়ত বাইকখন হেৰাই যোৱা বুলি থানাত এজাহাৰ দাখিল কৰে যাতে মাহেকীয়া কিস্তি পৰিশোধ কৰিব নালাগে (Fraudster Detained in Kalgachia) ৷

এই চক্ৰৰ লগত নতুনকৈ জড়িত হৈ প্ৰৱঞ্চক ৰফিকুল ইছলামে ইতিমধ্যে এখন দুচকীয়া বাহন সৰবৰাহ কৰিছে আৰু নতুন বাহন উলিয়াবলৈ আবুল হুছেইনে আগধন হিচাবে 50 হাজাৰ টকা দিয়া বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷ বৰ্তমান কলগাছিয়া আৰক্ষী আৰু বৰপেটা জিলাৰ আৰক্ষীৰ উৰ্দ্ধতন বিষয়াই প্ৰৱঞ্চককেইটাক জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে নামনি অসমত এনেধৰণৰ প্ৰৱঞ্চকৰ বৃহৎ নেটৱৰ্ক গঢ়ি উঠা দেখা গৈছে বুলি এন এল অটোমোবাইলচৰ স্বত্বাধিকাৰী লুতফৰ ৰহমানে অভিযোগ কৰিছে ৷

লগতে পঢ়ক: Urea seized : বস্তাই বস্তাই চোৰাংভাৱে সৰবৰাহ কৰা ইউৰিয়া সাৰ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.