ETV Bharat / state

চাকৰিৰ সপোন দেখুৱাই ধন হৰলুকি: তাৰপাচত ? - নিৱনুৱা

দীৰ্ঘদিন ধৰি স্মাৰ্ট ভেলু কোম্পানী নামৰ এটা প্ৰতিষ্ঠানযোগে নিবনুৱা যুৱক-যুৱতীক চাকৰিৰ সপোন দেখুৱাই আহিছিল কলগাছিয়াৰ চাৰি যুৱকে ৷ প্ৰায় অৰ্ধশতাধিক যুৱক যুৱতীৰ পৰা অবৈধভাৱে লাখ লাখ টকা সংগ্ৰহৰ অভিযোগ এই চাৰি যুৱকৰ বিৰুদ্ধে ৷

four-frauds-in-kalgasia-arrested-for-fraudulant-activites-in-the-name-of-a-computer-education-center
শিক্ষা চাকৰিৰ সপোন দেখুৱাই ধন হৰলুকি কৰি ৰঙাঘৰ যাত্ৰা চাৰি প্ৰবঞ্চকৰ
author img

By

Published : Jul 26, 2021, 2:17 PM IST

জনিয়া, 26 জুলাই : কলগাছিয়াত স্মাৰ্ট ভেলু কোম্পানী নামৰ এটা প্ৰতিষ্ঠান চলোৱা চাৰি প্ৰৱঞ্চকক আটক কৰিলে আৰক্ষীয়ে । নিৱনুৱা যুৱক-যুৱতীক কম্পিউটাৰ শিক্ষা(computer education) দিয়াৰ নামত চাৰি যুৱকে সংগ্ৰহ কৰিছিল লাখ লাখ টকা । বৃহত্তৰ কলগাছিয়া অঞ্চলৰ প্ৰায় অৰ্ধ শতাধিক যুৱক-যুৱতীৰ পৰা অবৈধভাৱে ১৮ হাজাৰকৈ টকা সংগ্ৰহ কৰা স্মাৰ্ট ভেলু (smart value) নামৰ প্ৰতিষ্ঠানটো ছীল কৰি দিবলৈ দাবী উত্থাপন কৰিছে ভূক্তভোগী সকলে ।

শিক্ষা চাকৰিৰ সপোন দেখুৱাই ধন হৰলুকি কৰি ৰঙাঘৰ যাত্ৰা চাৰি প্ৰবঞ্চকৰ

উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত স্মাৰ্ট ভেলু নামৰ ব্যক্তিগত কোম্পানীটোৱে যুৱক-যুৱতী সকলক কম্পিউটাৰ শিক্ষা দিয়াৰ লগতে সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছিল ৷ কিন্তু, কলগাছিয়া অঞ্চলৰ প্ৰায় অৰ্ধ শতাধিক যুৱক-যুৱতীক বাইক, সংস্থাপন, কম্পিউটা, বেগ আদি প্ৰদানৰ নামত প্ৰত্যেকৰে পৰা ১৮ হাজাৰকৈ টকা সংগ্ৰহ কৰিছিল প্ৰতিষ্ঠানটোৱে ৷ কোম্পানীটোৰ কৰ্মৰত নাছিৰুল ইছলাম, ৰহিজুল তালুকদাৰ, মিন্টু ৰায়, বিষ্ণু বৰ্মন আৰু ৰাজিবুল ইছলামে এই ধন সংগ্ৰহ কৰিছিল ৷

লগতে পঢ়ক : নিচাসক্ত পুত্ৰই আক্ৰমণ চলালে পিতৃ-মাতৃক

এইসমূহ ভুৱা প্ৰতিশ্ৰুতিত ভোল গৈ বহু সংখ্যক নিবনুৱা যুৱক-যুৱতীয়ে নামভৰ্তি কৰিছিল প্ৰতিষ্ঠানখনত ৷ অৱশ্যে, নামভৰ্তিৰ ছয়-সাত মাহ উকলি যোৱাৰ পিছতো শিক্ষাৰ নামত প্ৰতিষ্ঠানটোৱে ব্যৱস্থা গ্ৰহণৰ বিপৰীতে যুৱক-যুৱতীসকলক কোম্পানীৰ সামগ্ৰী বিক্ৰী কৰিবলৈহে নিৰ্দেশ দিয়ে ।

দেওবাৰে ইয়াকে লৈ প্ৰতিষ্ঠানখনৰ কলগাছিয়াস্থিত কেন্দ্ৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ইয়াৰে অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰোৱা এবছৰ হৈ যোৱাৰ পিছতো কৰ্তৃপক্ষৰ পৰা কোনো যোগাত্মক সঁহাৰি নোপোৱাত কোম্পানীটোৰ চাৰিগৰাকী প্ৰৱঞ্চকক ঘেৰাও কৰে ৷ পিছত কেন্দ্ৰটোৰ পৰা কলগাছিয়া আৰক্ষীয়ে তিনি প্ৰৱঞ্চকৰ লগতে কেন্দ্ৰৰ পৰিচালক মোহন মণ্ডলক আটক কৰি থানালৈ নিয়ে ।

আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও কোম্পানীয়ে মিছা লোভ লালসাৰে সংগ্ৰহ কৰা টকা ঘূৰাই দিবলৈ নিৱনুৱা যুৱক-যুৱতীসকলে দাবী জনাইছে ।

লগতে পঢ়ক : টকিঅ’ অলিম্পিকৰ চতুৰ্থ দিন: অভিষেক মেছত জয়লাভ ফেঞ্চাৰ ভাৱানী দেৱীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.