ETV Bharat / state

Abdur Rahim Khan passes away: বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানৰ দেহাৱসান - Abdur Rahim Khan ex mla

দীৰ্ঘদিনীয়া অসুস্থতাৰ পাচত ইহ সংসাৰ ত্যাগ কৰিলে বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম খানে ৷ সোমবাৰে নিজ বাসগৃহত মৃত্যু হয় প্ৰাক্তন বিধায়কগৰাকীৰ ৷

Former Barpeta MLA Abdur Rahim Khan
Abdur Rahim Khan passes away
author img

By

Published : Jun 19, 2023, 10:23 PM IST

Updated : Jun 19, 2023, 10:56 PM IST

বৰপেটা, 19 জুন: বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানৰ দেহাৱসান ৷ সোমবাৰে দাবালীয়াপাৰাৰ নিজ বাসভৱনত দেহাৱসান ঘটে প্ৰাক্তন বিধায়কগৰাকীৰ ৷ মধুমেহ, বৃক্ক আৰু যকৃতৰ ৰোগত আক্ৰান্ত হৈ কেইবামাহ ধৰি অসুস্থ হৈ আছিল প্ৰাক্তন বিধায়কগৰাকী ৷ অৱশেষত সোমবাৰে বৰপেটাৰ দাবালীয়াপাৰাৰ নিজ বাসভৱনত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত ৰহিম খানৰ বয়স হৈছিল প্ৰায় ৫৮ বছৰ ৷ মৃত্যুৰ সময়ত পত্নী আৰু দুগৰাকী কন্যাক ইহসংসাৰত এৰি খৈ যায় প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানে ৷

২০১১ চনৰ বিধানসভা নিৰ্বাচনত এ আই ইউ ডি এফৰ পৰা বৰপেটাৰ বিধায়ক নিৰ্বাচিত হৈছিল আব্দুৰ ৰহিম খান ৷ এ আই ইউ ডি এফৰ প্ৰাৰ্থী আব্দুৰ ৰহিম খানে লাভ কৰিছিল 111,083 টা ভোট ৷ তেওঁৰ প্ৰতিদ্বন্দী অগপৰ গুণীন্দ্ৰ নাথ দাসে লাভ কৰিছিল 66,364 টা ভোট ৷ মুঠ 44,719 টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল আব্দুৰ ৰহিম আজমলে ৷

কিন্তু পৰৱৰ্তী সময়ত ৰহিম খানে কংগ্ৰেছত যোগদান কৰি বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল ৷ কিন্তু প্ৰায় 1 বছৰ পূৰ্বে তেওঁ কংগ্ৰেছ ত্যাগ কৰি পুনৰ এ আই ইউ ডি এফলৈ উভতি আহে ৷

লগতে পঢ়ক: Piyush Hazarika in Morigaon: বানৰ পৰা মৰিগাঁওবাসীক শীঘ্ৰে মুক্ত কৰাৰ আশ্বাস পীযূষ হাজৰীকাৰ

কংগ্ৰেছ ত্যাগৰ সময়ত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জিতেন্দ্ৰ সিং আৰু প্ৰভাকৰ সাথেৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলিছিল আব্দুৰ ৰহিম খানে ৷ দুয়োগৰাকী ৰাষ্ট্ৰীয় নেতাই অসমত লুঠৰাজ চলাবলৈ অহা বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ তাৰ পাচতেই কংগ্ৰেছক বিদায় দি পুনৰ তেওঁ এ আই ইউ ডি এফৰ লগ লাগিছিল ৷

একেটা বছৰৰে 2 ছেপ্টেম্বৰত তেওঁ যোগ দিয়ে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফত ৷ সেই সময়ত তেওঁ উল্লেখ কৰিছিল যে, কংগ্ৰেছৰ নীতি আদৰ্শ সকলো সলনি হ’ল ৷ সেয়ে কংগ্ৰেছ বৰ্তমান অপ্ৰাসংগিক ৷ অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক বহতীয়া বুলিও তীৰ্যক মন্তব্য কৰিছিল প্ৰাক্তন বিধায়কগৰাকীয়ে ৷

এ আই ইউ ডি এফত যোগ দি আব্দুৰ ৰহিম খানে দাবী কৰিছিল যে, 2024 ৰ লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফে বৰপেটা লোকসভা সমষ্টি দখল কৰিব ৷ লগতে 2026 ৰ বিধানসভা নিৰ্বাচনতো বৰপেটাৰ 6 টা সমষ্টিয়েই এ আই ইউ ডি এফৰ দখললৈ যাব বুলি তেওঁ উল্লেখ কৰিছিল ৷ কিন্তু সেই দিন চাবলৈ বিধায়কগৰাকী আজি আৰু নাই ৷

বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানৰ মৃত্যুত বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে ৷ ইপিনে সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম গণ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি ডাঃ তাৰা প্ৰসাদ দাস, সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বৰপেটা জিলা কংগ্ৰেছৰ লগতে বিভিন্নজনে শোক প্ৰকাশ কৰিছে ৷ কাইলৈ দিনৰ দুই বজাত আব্দুৰ ৰহিম খানৰ জানাজা সম্পন্ন কৰা হব ৷ উক্ত জানাজাত বিধায়ক ৰহিম আহমেদৰ লগতে বহু লোক উপস্থিত থকাৰ কথা ৷

Last Updated : Jun 19, 2023, 10:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.