ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত জলমগ্ন বৰপেটাৰ ভোগেৰপাৰ গাঁও - বাঢ়নি পানী

ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত জলমগ্ন বৰপেটাৰ ভোগেৰপাৰ গাঁৱৰ নামঘৰ, বাট পথ, ঘৰ দুৱাৰ ৷ গাঁওখনৰ নামঘৰটোও বানত ডুব যোৱাৰ ফলত বিগত ৫ দিন ধৰি নামঘৰত বন্তিগছিও জ্বলাব পৰা নাই গাঁওৱাসীয়ে ৷

ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত জলমগ্ন বৰপেটাৰ ভোগেৰপাৰ গাঁও

author img

By

Published : Sep 2, 2021, 8:20 PM IST

বৰপেটা, ২ ছেপ্তেম্বৰ: ৰাজ্যত এতিয়াও বানে এক প্ৰকাৰৰ সংহাৰী ৰূপ ধাৰণ কৰি আহিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে বৰপেটা জিলাতো ভদীয়া বানে তাণ্ডৱ সৃষ্টি কৰিছে ৷ বৰপেটাৰ ভোগেৰপাৰা গাঁৱত বানে জন জীৱন ব্যাহত কৰিছে ৷ উন্মুক্ত মথাউৰিৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী সোমাই জলমগ্ন কৰি তুলিছে সমগ্ৰ গাঁওখন ৷

ইতিমধ্যে গাঁখনৰ প্ৰতিটো পৰিয়ালৰ ঘৰ বাৰী সম্পূৰ্ণৰূপে ডুব গৈছে বানত ৷ আনকি গাঁওখনৰ নামঘৰটোও বানত ডুব যোৱাৰ ফলত বিগত ৫ দিন ধৰি নামঘৰত বন্তিগছিও জ্বলাব পৰা নাই গাঁওৱাসীয়ে ৷ সম্প্ৰতি বানত ঘৰ বাৰী জলমগ্ন হৈ পৰাৰ পিছত বহৰি-বাঘবৰ মথাউৰিত আশ্ৰয় লৈ আছে গাঁওৱাসীয়ে ৷

2 pic
ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত জলমগ্ন বৰপেটাৰ ভোগেৰপাৰ গাঁও

উল্লেখযোগ্য যে, প্ৰায় ১২ বছৰ পূৰ্ৱেই ভোগেৰপাৰ গাঁৱৰ মথাউৰিটো ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাৰ ফলত গাঁওখনৰ ৫০ টা পৰিয়ালৰ ঘৰবাৰী নৈত নিশ্চিহ্ন হৈ পৰিছিল ৷ যাৰ ফল আজিও গাঁওৱাসীয়ে প্ৰতিবছৰে ভোগ কৰি আহিব লগীয়া হৈছে ৷ বাৰিষা হোৱাৰ লগে লগে মাথাউৰিটো ভাগি যোৱাৰ বাবে গাঁওৱাসীয়ে আজিও বানত ককবকাই থাকিব লাগে ৷

ব্ৰহ্মপুত্ৰৰ খহনীয়া আৰু বাৰিষাৰ সময়ত বাঢ়নি পানীয়ে সৃষ্টি কৰা বানত জলা-ক’লা খাই আহিছে ভোগেৰপাৰ গাঁওৱাসীয়ে ৷ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা গাঁওখন ৰক্ষা কৰিবলৈ চৰকাৰে আজিকোপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ভোগেৰপাৰ গাঁওৱাসীৰ আক্ষেপ, ব্ৰহ্মপুত্ৰৰ খহনীয়া আৰু বান এতিয়া বহুতৰ বাবে আনন্দ আৰু পৰ্যটনৰ স্থলহে ৷

1 pic

লগতে পঢ়কঃ বাগান এখন কিন্তু মালিক দুজনঃ বিতৰ্কত লাহৰিজান চাহ বাগিছা

উল্লেখযোগ্য যে, শেহতীয়াকৈ বানৰ কৱলত পৰিছে এখনৰ পাছত আনখন জিলা । অসমৰ floods reporting and information management system চমুকৈ FRIMS ৰ তথ্য অনুসৰি, অসমৰ 22 খন জিলাৰ মুঠ 647,606 গৰাকী লোক বানৰ কৱলত পৰিছে ৷বানৰ কৱলত পৰা জিলা কেইখন হৈছে বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, যোৰহাট, কামৰূপ(গ্ৰাম্য), কামৰূপ(ম), লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, দক্ষিণ শালমৰা, তিনিচুকীয়া আদি ৷ এই 22 খন জিলাৰ মুঠ 57 টা ৰাজহ চক্ৰ এতিয়াও বানৰ কৱলত আছে ৷

এতিয়ালৈকে 1295 খন ৰাজহ গাঁও ভদীয়া বানৰ দ্বাৰা প্ৰভাৱিত হৈছে ৷ ইয়াৰ ভিতৰত শীৰ্ষ স্থানত মৰিগাঁও জিলা ৷ জিলাখনৰ মুঠ 251 খন গাঁও বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে ৷ জনসংখ্যাৰ দিশৰ পৰা চাবলৈ গ'লে নলবাৰী জিলাৰ সৰ্বাধিক লোক ভদীয়া বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে ৷ জিলাখনৰ মুঠ 110,731 গৰাকী লোক বানৰ কৱলত পৰিছে ৷ শেহতীয়াকৈ বানত মৃত্যু হোৱা লোকৰ সংখ্যা মুঠ 5 গৰাকী ৷

তথ্য অনুসৰি, চৰকাৰৰ ফালৰ পৰা বানাক্ৰান্ত লোকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বৰ্তমানলৈ ৰাজ্যৰ অধিক প্ৰভাৱিত হোৱা বিশেষ 10 জিলাত মুঠ 85 টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে ৷ বিভাগে স্থাপন কৰা আশ্ৰয় শিবিৰত মুঠ 3584 গৰাকী বানাক্ৰান্ত লোকে আশ্ৰয় গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে, ৰাজ্যৰ 4,45,210 টা পশুধনৰ লগতে বন্যপ্ৰাণী ভদীয়া বানৰ কৱলত পৰিছে ৷

লগতে পঢ়কঃ মহিলা ক্ৰিকেটাৰৰ ক্ষেত্ৰত অনমনীয়; পুৰুষ ক্ৰিকেটাৰক বিদেশ ভ্ৰমণৰ সেউজ সংকেট তালিবানৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.