ETV Bharat / state

বৰপেটাত সমন্বয় ফাউণ্ডেছনৰ বান সাহাৰ্য বিতৰণ

author img

By

Published : Jul 25, 2020, 4:04 PM IST

বৰপেটাত সমন্বয় ফাউণ্ডেছনৰ বান সাহাৰ্য বিতৰণ ৷ আঁঠুৱা,চাবোন,ব্লিছিং পাউদাৰ,ধূপ,মহিলাৰ বাবে ছেনিটাৰী নেপকিন আদি বিতৰণ সমন্বয় ফাউণ্ডেছনৰ ৷

স্বেচ্ছাসেৱী সংস্থা সমন্বয় ফাউণ্ডেছন
বৰপেটাত সমন্বয় ফাউণ্ডেছনৰ বান সাহাৰ্য বিতৰণ

বৰপেটা, 25 জুলাই : বানত বিধস্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বানাক্ৰান্ত লোকৰ মাজত ৷ বানত ঘৰ-দুৱাৰ জলমগ্ন হৈ পৰা বাবে বানাক্ৰান্ত পৰিয়ালসমূহে আশ্ৰয় লৈছে বিদ্যালয়গৃহ,মথাউৰি আৰু ওখ ভেঁটিত ৷ দুৰ্যোগৰ এই মুহূৰ্তত চৰকাৰৰ লগতে আগবাঢ়ি আহিছে বিভিন্নজন ব্যক্তি তথা স্বেচ্ছাসেৱী সংস্থা আৰু সংগঠন ৷

ৰাজ্যৰ কেইবাখনো জিলাত সাহাৰ্য আগবঢ়াই অহা গুৱাহাটীৰ সমন্বয় ফাউণ্ডেছন নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে শনিবাৰে উপস্থিত হয় বৰপেটাৰ আশ্ৰয় শিবিৰত ৷ শিবিৰৰ পৰিয়ালসমূহৰ মাজত সংস্থাটোৱে প্ৰদান কৰে সাহাৰ্য সামগ্ৰী ৷ ৰোগৰ পৰা হাত সাৰি থাকিবৰ বাবে সংস্থাটোৱে আঁঠুৱা,চাবোন,ব্লিছিং পাউদাৰ,ধূপ, মহিলাৰ বাবে ছেনিটাৰী নেপকিন আদি বিতৰণ কৰে ৷ আনহাতে,শিবিৰত থকা শিশুসকলৰ বাবে শিশুখাদ্য বিতৰণ কৰে সংস্থাটোৱে ৷

অভিনেতা চম্পক শৰ্মা জড়িত থকা এই সংস্থাটোৱে আশ্ৰয় শিবিৰৰ লোকসকল কৰ'ণাত আক্ৰান্ত নহ'বৰ বাবে চাফ-চিকুণতা বজাই ৰাখিবলৈ সমগ্ৰ ৰাজ্যজুৰি সজাগতাৰো সৃষ্টি কৰি আহিছে ৷
লগতে পঢ়ক : প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত জীতেন গগৈৰ ৰুদ্ধদ্বাৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.