ETV Bharat / state

বানাক্ৰান্তা লোকৰ কাষত থিয় দিলে ইউটিউবাৰ ভূষণ পাঠকে - বানাক্ৰান্ত

ইউটিউবৰ জৰিয়তে প্ৰায় ৬০ হাজাৰ টকা সংগ্ৰহ কৰি শতাধিক বানাক্ৰান্ত পৰিয়ালক সাহাৰ্য প্ৰদান কৰে ভূষণ পাঠকে ৷

flood relief distribute youtuber bhushan pathak
বানাক্ৰান্তা লোকৰ কাষত থিয় দিলে ইউটিউবাৰ ভূষণ পাঠকে
author img

By

Published : Jul 27, 2020, 3:35 PM IST

বৰপেটা, ২৭ জুলাইঃ বানাক্ৰান্তা লোকসকলৰ বাবে যুৱ ইউটিউবাৰ ভূষণ পাঠকে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ ৷ সৰ্থেবাৰী অঞ্চলৰ কেইবাগৰাকীও যুৱকৰ সহযোগত বানাক্ৰান্ত লোক সকলক সহায়ৰ হাত আগবঢ়াই ভূষণ পাঠকে ৷

বানাক্ৰান্তা লোকৰ কাষত থিয় দিলে ইউটিউবাৰ ভূষণ পাঠকে

উল্লেখ্য যে,ইউটিউবত আছামীছ মিক্সাৰ চেনেলটোৰ জৰিয়তে বিভিন্ন মনোৰঞ্জনমূলক অনুষ্ঠান পৰিৱেশন কৰি সকলোৰে চিনাকি হৈ পৰে ভূষণ পাঠক নামৰ যুৱকজন ৷ যুৱ ইউটিউবাৰ ভূষণ পাঠকে ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰলয়ংকৰী বানত সৰ্বস্বান্ত হোৱা লোকসকলৰ সহায়ৰ বাবে আহ্বান জনাই ইউটিউবত লাইভ ষ্ট্ৰিমিং আৰু লাইভ চাট কৰি বিভিন্নজনৰ পৰা ইউটিউবযোগে সংগ্ৰহ কৰিছিল প্ৰায় ৬০ হাজাৰ টকা ৷ যুৱ ইউটিউবাৰ গৰাকীয়ে নিজেও কিছু ধন আগবঢ়াই প্ৰায় ৭০ হাজাৰ টকাৰে সৰ্থেবাৰী অঞ্চলৰ কেইবাগৰাকীও যুৱকৰ সহযোগত সৰ্থেবাৰীৰ সীমামূৰীয়া নলবাৰী জিলাৰ খেলুৱা,বৰবিলা,কালাতলি আদি গাঁওসমুহত খাদ্য সামগ্ৰীৰ লগতে মাস্ক,চেনিটাইজাৰ আদি বিতৰণ কৰে ৷

তাৰোপৰি বানাক্ৰান্ত লোকসকলক কেইবাটাও পৰিয়ালক ৫০০ কৈ টকাকৈ প্ৰদান কৰে ভূষণ পাঠকে ৷ সামাজিক মাধ্যম এটাৰ জৰিয়তে যুৱ ইউটিউবাৰগৰাকীয়ে ধন সংগ্ৰহ কৰি এনেদৰে বন্যাৰ্তৰ কাষত থিয় হোৱা কাৰ্যক প্ৰশংসা কৰিছে অঞ্চলটোৰ সকলো ৰাইজে ।

লগতে পঢ়ক- জনীয়া-বাঘবৰত বানৰ বিভীষিকাঃ কুম্ভকৰ্ণ নিদ্ৰাত জিলা প্ৰশাসন-জনপ্ৰতিনিধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.