ETV Bharat / state

বহৰি পাৰঘাটত বন্যাৰ্তক সাহাৰ্য প্ৰদান যুৱ নেতা অভিজিৎ সাহাৰ

author img

By

Published : Jul 16, 2020, 4:10 PM IST

বৰপেটা জিলাখনৰ চেঙা সমষ্টিত বান পানীৰ ভয়াৱহ ৰূপ ৷ বানপীড়িত লোকৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে যুৱ নেতা অভিজিৎ সাহা ৷

বহৰি পাৰঘাটত বন্যাৰ্তক সাহাৰ্য প্ৰদান যুৱ নেতা অভিজিৎ সাহাৰ
বহৰি পাৰঘাটত বন্যাৰ্তক সাহাৰ্য প্ৰদান যুৱ নেতা অভিজিৎ সাহাৰ

বৰপেটা, 16 জুলাইঃ ৰাজ্যত বানৰ সংহাৰে বিপদত পেলাইছে ভিন্ন প্ৰান্তৰ ৰাইজক ৷ এনে কঠিন পৰিস্থিতিত বৰপেটা জিলাৰ বহৰি পাৰঘাটত বন্যাৰ্তক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিজেপিৰ যুৱ নেতা তথা অভিজিৎ সাহা ৷ যুৱ নেতাগৰাকীয়ে অঞ্চলটোত শিবিৰ পাতি বসবাস কৰা বানপীড়িত লোকসকলক খাদ্য সামগ্ৰী আগবঢ়োৱাৰ লগতে স্বাস্থ্যজনিত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় ৷

যুৱ নেতা অভিজিৎ সাহাৰ লগত অহা দলটোৱে বৃহস্পতিবাৰে প্ৰায় 100 টা পৰিয়ালৰ মাজত সামগ্ৰী বিতৰণ কৰে ৷ তেওঁলোকে প্ৰকাশ কৰা অনুসৰি বিগত সপ্তাহত তেওঁলোকে প্ৰায় 500 টা পৰিয়ালৰ মাজত বিতৰণ কৰিছে সাহাৰ্য ৷ আনহাতে অহা সপ্তাহৰ প্ৰায় 1000 পৰিয়ালক সাহাৰ্য প্ৰদান কৰাৰ পৰিকল্পনা আছে বুলি জানিবলৈ দিয়ে ৷

বৰপেটা জিলাখনৰ চেঙা সমষ্টিতো ভয়াবহ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে ৷ সমষ্টিটোৰ বহু কেইটা অঞ্চলৰ বৃহৎ সংখ্যক লোক নিজা ঘৰ-বাৰী এৰি বান শিবিৰ বা পথ মাথাউৰি আদিত বাস কৰি আছে ৷

লগতে পঢ়কঃ মুখা শিল্পৰ ১২ বছৰীয়া নিৰলস সাধনা এজন যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.