জনীয়া, 20 জুলাই : ৰাজ্যত অব্য়াহত আছে প্ৰলয়ংকৰী বানৰ তাণ্ডৱ ৷ ইতিমধ্য়ে বানত বুৰ গৈছে অসমৰ 30 খন জিলা ৷ ৰাজ্যত বানৰ দ্ধাৰা প্ৰভাৱিত হৈছে প্ৰায় 54, 42,908 গৰাকী লোক ৷ লগতে 2,50,416.90 হেক্টৰ কৃষিভূমি সম্পূৰ্ণৰূপে বিনষ্ট হৈছে বানত ৷ শেহতীয়া তথ্য অনুসৰি,বানত মৃত্যু হৈছে 84 গৰাকী লোক ৷
ৰাজ্যৰ অন্ন জিলাৰ লগতে বৰপেটা জিলাতো বানে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ বেঁকী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে জিলাখনৰ কলগাছিয়াকে আদি কৰি বিভিন্ন অঞ্চল ৷ অঞ্চলটোৰ বানাক্ৰান্ত ৰাইজ সকলে ঘৰ-মাটি এৰি বৰ্তমান ওখ ভেঁটি বা মাথাউৰিত আশ্ৰয় ল'ব লগা হৈছে ৷
সোমবাৰে জিলাখনৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে অধিবক্তা তথা বিজেপি দলৰ যুৱ নেতা শ্বহিদুল ইছলামে ৷ অস্বাস্থ্যকৰ পৰিৱেশৰ আশ্ৰয় শিবিৰটোত উপস্থিত হৈ ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে যুৱ নেতা গৰাকীয়ে ৷ লগতে,শিবিৰটোৰ পৰিস্থিতি সন্দৰ্ভত কলগাছিয়া ৰাজহ চক্ৰ বিষয়াক অৱগত কৰিব বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷
আনহাতে,শিবিৰটোত থকা শিশু সকলৰ সু-স্বাস্থ্যৰ বাবে ৰাজ্যৰ সমাজ কল্যাণ বিভাগক পুষ্টিকৰ খাদ্য যোগান ধৰিবলৈ আহ্বান জনায় যুৱ নেতা গৰাকীয়ে ।
উল্লেখ্য যে, ক'ভিড-19ৰ সমান্তৰালভাৱে ৰাজ্যত সৃষ্টি হোৱা প্ৰলয়ংকৰী বানত কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চৰ খাৰবাল্লী গাঁৱৰ ৰাইজৰ ঘৰচীয়া জীৱ-জন্তুৰ মৃত্যু হোৱাৰ লগতে বানত জাহ গৈছে কৃষি ভূমি ৷
লগতে পঢ়ক : বিশ্বত 1,46,33,037 লৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা