ETV Bharat / state

এমাহৰ দৰমহাৰে বান সাহায্য বিধায়কৰ - গণককুছি

দেশ ৰক্ষাৰ মহান সেৱাত নিয়োজিত সেনা জোৱানসকল দেশৰ প্ৰতিটো দুৰ্যোগৰ মুহূৰ্তত দেশৰ জনসাধাৰণৰ কাষত ঠিয় হৈ সেৱা আগবঢ়াই আহিছে ৷ বানৰ দুৰ্যোগৰ সময়তে বৰপেটাৰ গণককুছি শিবিৰৰ ৰেড হৰ্ণ ডিভিজনৰ জোৱানসকলে প্ৰায় দুহেজাৰ বানপীড়িত লোকক চিকিৎসা আৰু বিনামূলীয়া ঔষধ আগবঢ়াই ৷

এমাহৰ দৰমহাৰে বান সাহায্য বিধায়কৰ
author img

By

Published : Jul 21, 2019, 11:09 PM IST

নিউজ ডেস্ক, 21 জুলাইঃ সমগ্ৰ ৰাজ্য বানে জুৰুলা কৰাৰ পাচত বানপীড়িত ৰাইজৰ সাহায্যৰ বাবে ৰাজ্য চৰকাৰ, বিভিন্ন দল-সংগঠন, অসম তথা দেশৰ শিল্পী সমাজ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে ৷ দেওবাৰেও হাজোৰ বানাক্ৰান্ত ৰাইজলৈ খোৱাপানী, কাপোৰকো ধৰি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী প্ৰেৰণ কৰে দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্চিং হোমে ৷ মাৰ্ঘেৰিটাত বিধায়ক ভাস্কৰ শৰ্মাই বান সাহায্য নামত প্ৰদান কৰিলে এমাহৰ দৰমহা ৷ তাৰোপৰি ভাস্কৰ শৰ্মা ফেনচ্ ক্লাৱৰ উদ্যোগত বন্যাৰ্তৰ সহায়ৰ বাবে বান সাহাৰ্য সংগ্ৰহ অভিযানো চলাই ক্লাবটোৰ সদস্যসকলে ৷

দেশ ৰক্ষাৰ মহান সেৱাত নিয়োজিত সেনা জোৱানসকল দেশৰ প্ৰতিটো দুৰ্যোগৰ মুহূৰ্তত দেশৰ জনসাধাৰণৰ কাষত ঠিয় হৈ সেৱা আগবঢ়াই আহিছে ৷ বানৰ দুৰ্যোগৰ সময়তে বৰপেটাৰ গণককুছি শিবিৰৰ ৰেড হৰ্ণ ডিভিজনৰ জোৱানসকলে প্ৰায় দুহেজাৰ বানপীড়িত লোকক চিকিৎসা আৰু বিনামূলীয়া ঔষধ আগবঢ়াই ৷ আনকি স্বাস্থ্য শিবিৰলৈ অহা শিশুসকলৰ মাজত খাদ্য সামগ্ৰীও বিতৰণ কৰে সেনা জোৱানসকলে ৷

মৰিগাঁৱৰ লাহৰীঘাটতো বিগত দহ দিন ধৰি মথাউৰিৰ ওপৰত কোনো মতে এসাঁজ খাই এসাঁজ লঘোনে দিন পাৰ কৰা দূৰ্গত লোক সকলক ৰিমা দাস আৰু কাজিমুদ্দিন জিন্নাই খাদ্য সামগ্ৰী যোগান ধৰে ।

আনহাতে, জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কাদঙ হাইস্কুলত শিবিৰ পাতি থকা বন্যাৰ্তৰ দৰব,খাদ্য আৰু শৌচাগাৰৰ অভাৱ হোৱাৰ অভিযোগ নিখিল ভাৰত কৃষক সভাৰ । লগতে বিশেষভাৱে সক্ষম লোকসকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱাৰ পাচতো বতৰ্মান পৰ্যন্ত সুবিধাৰ লাভ নকৰিলে ৷ যাৰ বাবে দেওবাৰে জনীয়া আঞ্চলিকৰ ৰাজহ চক্ৰ বিষয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে নিখিল ভাৰত কৃষক সভাই ৷

Intro:বানাক্ৰান্ত লোকসকলক আৰ্থিক সাহাৰ্য দিছপুৰ পলিক্লানিক এণ্ড নাৰ্চিং হোমৰ

Body: দিছপুৰ পলিক্লানিক এণ্ড নাৰ্চিং হোমৰ তৰফৰ পৰা হাজোৰ বানাক্ৰান্ত ৰাইজলৈ খোৱাপানী, কাপোৰকো ধৰি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী প্ৰেৰণ কৰে। হাজোৰ প্রায় ১৫০ টা পৰিয়ালক দিছপুৰ পলিক্লানিক এণ্ড নাৰ্চিং হোময়ে বানাক্ৰান্ত লোকসকলক আৰ্থিক সাহাৰ্য আগবঢ়ায়।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.