বৰপেটাৰোড, ১ জুন : বৰপেটাৰোড আৰক্ষীয়ে বুধবাৰে পুৱতি নিশা অভিযান চলাই বলেৰ’ পিকআপ ভানসহ পাঁচজনকৈ দুৰ্ধৰ্ষ গাড়ী চোৰক আটক কৰিবলৈ সক্ষম হয়(Five Vehicle thieves arrested in Barpeta Road) ৷ আটকাধীন দুধৰ্ষ চোৰকেইটা হ'ল ক্ৰমে মহিবুল ইছলাম, বাহাৰুল ইছলাম, মফিজুল ইছলাম, ইমৰাণ আলী, স্বেইখ আৰু সাগৰ আলী ৷ ধৃত আটাইজন ধুবুৰী আৰু বৰপেটাৰ নিবাসী বুলি জানিব পৰা গৈছে(Vehicle theif arrested by Barpeta Road police) ৷
উল্লেখ্য যে, মঙলবাৰে নিশা 8 বজাত AS 16 AC 2812 নম্বৰৰ এখন বলেৰ’ পিকআপ ভান চালকসহ হাইজেক হোৱা বুলি তথ্য লাভ কৰে বৰপেটাৰোড আৰক্ষীয়ে ৷ কোকৰাঝাৰৰ পৰা গাড়ীখন বৰপেটালৈ ভাৰা কৰি নিয়াৰ চলেৰে বন্দোৱস্ত কৰিছিল ধৃত চোৰকেইটাই ৷ ইয়াৰ পিচতে গাড়ীখনৰ চালকজনক আদবাটত নিচাযুক্ত দ্ৰব্য সেৱন কৰাই অচেতন কৰি গাড়ীৰ পৰা ৰাস্তাৰ দাঁতিত চালকজনক পেলাই থৈ হাইজেক কৰা বুলি আৰক্ষীয়ে খবৰ লাভ কৰিছিল ।
সেইমৰ্মে, বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল কলিতাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত নাকা চেকিং আৰম্ভ কৰে ৷ ইয়াৰ পিচত বৰপেটাৰোডৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলহভাঙ্গাত আৰক্ষীয়ে চেকিং কৰি থকা অৱস্থাত তীব্ৰ বেগেৰে বলেৰ’ পিক আপ ভানখন আহি আছিল । আৰক্ষীয়ে বাহনখনক ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও বাহনখন লৈ তীব্ৰ বেগেৰে চোৰ কেইটাই পলায়নৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে খেদি খেদি গৈ দুজন যুৱক সহ বাহনখন ধৰিবলৈ সক্ষম হয় ৷
হাইজেক কৰি অনা গাড়ীখনত থকা যুৱকদ্বয়ক আৰক্ষীয়ে সোধপোচ কৰাত গাড়ী হাইজেক কৰা ঘটনাৰ লগত আন তিনিজন যুৱক জড়িত থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰে । ইয়াৰ পিচতে আৰক্ষীয়ে আন তিনিজন যুৱককো বৰপেটাৰোডৰ ভিন্ন স্থানৰ পৰা আটক কৰিবলৈ সক্ষম হয়৷ যুৱক তিনিজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এখন চুৰি হোৱা বাইক ৷ সম্প্ৰতি, আটাইকেইজন যুৱকক বৰপেটাৰোড আৰক্ষী থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক : Firing in Punjab: পঞ্জাৱত পুনৰ অচিনাক্ত বন্ধুকধাৰীৰ গুলীবৰ্ষণ