ETV Bharat / state

বৰপেটাৰ হাউলীত আৰ্তজনলৈ সহায়ৰ হাত 5 ব্যৱসায়ীৰ

author img

By

Published : Apr 27, 2020, 5:30 PM IST

বৃহত্তৰ হাউলী অঞ্চলৰ মৈৰামাৰা,জলজলী,খাটালপাৰা,কালঝাৰ আদি 5 খন গাঁৱৰ প্ৰায় 300 পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ব্যৱসায়ী কেইজনে ৷

Five business man distributed food among poor family at Barpeta
বৰপেটাৰ হাউলীত আৰ্তজনলৈ সহায়ৰ হাত 5 ব্যৱসায়ীৰ

বৰপেটা, 27 এপ্ৰিল: কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত দেশজুৰি বাহাল থকা লক ডাউনৰ বাবে তীব্ৰ খাদ্য সংকটত পৰিছে দেশৰ লগতে ৰাজ্যৰ লাখ লাখ পৰিয়াল ৷ খাদ্যৰ সংকটত পৰা এই পৰিয়াল সমূহক সহায় কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিছে বহু দল সংগঠনৰ লগতে একাংশ সচেতন লোক ৷

বৰপেটা জিলাৰ হাউলী অঞ্চলতো সোমবাৰে আৰ্তজনৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে অঞ্চলটোৰ পাঁচজনকৈ ব্যৱসায়ীয়ে ৷ বৃহত্তৰ হাউলী অঞ্চলৰ মৈৰামাৰা,জলজলী,খাটালপাৰা,কালঝাৰ আদি 5 খন গাঁৱৰ প্ৰায় 300 পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে হাউলীৰ নিপা কলিতা,অভয় বোথ্ৰা,ভৃগুদেৱ অসমীয়া,প্ৰদীপ সাহাকে ধৰি পাঁচ গৰাকী ব্যৱসায়ীয়ে ৷ ব্যৱসায়ী কেইগৰাকীয়ে দুখীয়া পৰিয়াল সমূহৰ মাজত চাউল,দালি,মিঠাতেল,নিমখ,চাবোন আদি সামগ্ৰীৰ লগতে মাস্ক প্ৰদান কৰে ৷ এই দুৰ্যোগৰ সময়ত দুখীয়া পৰিয়াল সমূহক ব্যৱসায়ীসকলে আগবঢ়োৱা এই সহায় আৰু মহানুভৱতাৰ শলাগ লৈছে ৰাইজে ৷

লগতে পঢ়কঃ চন্দ্ৰপুৰৰ গোভালিৰ ৰাজপথত সষ্টম অসম আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.