কলগাছিয়া, 19 আগষ্ট : কলগাছিয়াৰ বালিকুৰী এন চিত ভয়াৱহ অগ্নিকাণ্ড ৷ জুইত জাহ গ’ল চাৰিটাকৈ বাসগৃহ ৷ লগতে, বিনষ্ট হয় 30 লক্ষাধিক টকাৰ সা-সম্পত্তি ৷ এই অগ্নিকাণ্ডত ভস্মীভূত হল আৰফান বেগ, নালু বেগ আৰু কৰিম বেগৰ 4 টাকৈ গৃহ ৷ যাৱতীয় নথিপত্ৰ, 40 মোন মৰাপাট আৰু ধান-চাউলও নষ্ট হয় অগ্নিকাণ্ডৰ ফলত । অৱশেষত ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় ৷ ইফালে, ৰাইজে অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে অগ্নিনিৰ্বাক বাহিনীক খবৰ দিয়ে যদিও ডেৰ ঘণ্টা পিছত পানী নোহোৱাকৈ উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী । এই ঘটনাক লৈ তীব্ৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে ৰাইজে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী 1 ঘণ্টা সময় আবদ্ধ কৰি ৰাখে । কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে ।
ঢাল-তৰোৱাল বিহীন অগ্নি নিৰ্বাপক বাহিনীঃ উত্তপ্ত কলগাছিয়াৰ বালিকুৰী - ভস্মীভূত
জাহ গ’ল চাৰিটাকৈ বাসগৃহ ৷ ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন ৷ দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ ৷ ডেৰ ঘণ্টা পিছত পানী নোহোৱাকৈ উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী ৷
![ঢাল-তৰোৱাল বিহীন অগ্নি নিৰ্বাপক বাহিনীঃ উত্তপ্ত কলগাছিয়াৰ বালিকুৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4179333-thumbnail-3x2-adkofjsdkofj.jpeg?imwidth=3840)
কলগাছিয়া, 19 আগষ্ট : কলগাছিয়াৰ বালিকুৰী এন চিত ভয়াৱহ অগ্নিকাণ্ড ৷ জুইত জাহ গ’ল চাৰিটাকৈ বাসগৃহ ৷ লগতে, বিনষ্ট হয় 30 লক্ষাধিক টকাৰ সা-সম্পত্তি ৷ এই অগ্নিকাণ্ডত ভস্মীভূত হল আৰফান বেগ, নালু বেগ আৰু কৰিম বেগৰ 4 টাকৈ গৃহ ৷ যাৱতীয় নথিপত্ৰ, 40 মোন মৰাপাট আৰু ধান-চাউলও নষ্ট হয় অগ্নিকাণ্ডৰ ফলত । অৱশেষত ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় ৷ ইফালে, ৰাইজে অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে অগ্নিনিৰ্বাক বাহিনীক খবৰ দিয়ে যদিও ডেৰ ঘণ্টা পিছত পানী নোহোৱাকৈ উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী । এই ঘটনাক লৈ তীব্ৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে ৰাইজে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী 1 ঘণ্টা সময় আবদ্ধ কৰি ৰাখে । কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে ।
Anchor: কলগাছিয়াৰ বালিকুৰী এন চিত ভয়াৱহ অগ্নিকাণ্ডত জাহ গল ৪ টা কৈ গৃহৰ লগতে তিনিটা পশুধন, যাৱতীয় নথিপত্ৰ, ৪০ মোন মৰাপাট ধান-চাউলৰ লগতে প্ৰায় ৩০ লক্ষ্যধিক টকাৰ ক্ষতি।দুৰবৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ। পানী নোহোৱাকৈ ডেৰ ঘণ্টা পিছত উপস্থিত অগ্নিনির্বাপক বাহিনী। উত্তেজিত ৰাইজে আবদ্ধ কৰি ৰাখিলে অগ্নিনিৰ্বাক বাহিনীৰ গাড়ী।Body:slug: as_jania_19aug_balikuri_agneekando_vis5+byt3+ph2_spl_pkg_story_asc10058
VO-1: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি এন চি গাঁওত আজি দুপৰীয়া সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত ভস্মীভূত হল আৰফান বেগ, নালু বেগ আৰু কৰিম বেগৰ ৪ টাকৈ গৃহৰ লগতে তিনিটা পশুধন, যাৱতীয় নথিপত্ৰ, ৪০ মোন মৰাপাট আৰু ধান-চাউল। এই অগ্নিকাণ্ডত প্ৰায় প্ৰায় ৩০ লক্ষ্যধিক টকাৰ ক্ষতি হোৱাৰ ধাৰণা কৰা হৈছে যদিও কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। পিছত ৰাইজৰ তৎপৰতাত জুই নির্বাপন কৰা হয় যদিও কোনোমতে প্ৰাণ ৰক্ষা পৰে এগৰাকী প্ৰসূতি ৰোগী আৰু শিশুৰ। ইফালে ৰাইজে অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে অগ্নিনিৰ্বাক বাহিনীক খবৰ দিয়ে যদিও ডেৰ ঘণ্টা পিছত পানী নোহোৱাকৈ উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী। এই ঘটনাক লৈ তীব্ৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে ৰাইজে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ১ ঘণ্টা সময় আবদ্ধ কৰি ৰাখে। পিছত সুযোগ বুজি অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ৰাইজে অগ্নিনিৰ্বাপক বাহিনীৰ এই কাণ্ডৰ উচিত বিচাৰৰ দাবী উত্থাপন কৰিছে।Conclusion:slug: as_jania_19aug_balikuri_agneekando_vis5+byt3+ph2_spl_pkg_story_asc10058
Byte: আৰফান বেগ আৰু ৰাইজৰ মন্তব্য।
জনীয়াৰ পৰা স্বফিকুল হাছানৰ প্ৰতিবেদন ই টিভি ভাৰত অসম।