ETV Bharat / state

বজালীৰ বনৰীয়া ধাবাত নিশাৰ ভাগত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড - বাঘমাৰা আৰক্ষী চকী

বজালীত ভয়াৱহ অগ্নিকাণ্ড ৷ জুইত জাহ গ'ল বনৰীয়া ধাবা ৷

বজালীৰ বনৰীয়া ধাবাত নিশাৰ ভাগত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Nov 19, 2020, 11:41 AM IST

বৰপেটা, 19 নৱেম্বৰ : বজালীত বুধবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড । এই অগ্নিকাণ্ডৰ ফলত জুইত সম্পূৰ্ণ জাহ যায় এখন ধাবা । ভাৰত ভূটান সংযোগী 127(A) নং ৰাষ্ট্ৰীয় ঘাইপথৰ গড়গাঁও আৰু ভোটান্ত মহিতাৰাৰ মাজত থকা বনৰীয়া নামৰ ধাবাখন বুধবাৰে নিশা সংঘটিত অগ্নিকাণ্ডৰ ফলত নিমিষতে জ্বলি ছাই হৈ যায় । কেনেদৰে এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিল সেয়া বৰ্তমানে সন্দেহৰ আৱৰ্তত ।

বনৰীয়া ধাবাত নিশাৰ ভাগত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড

অগ্নিকাণ্ডত ধাবাত থকা চিলিণ্ডাৰ বিস্ফোৰণ ঘটাৰ ফলত জুইৰ প্ৰকোপ বৃদ্ধি পায় ৷ ধাবাখনৰ মূল গৃহ, চকী মেজ, ফ্ৰীজ, বাচন বৰ্তনকে ধৰি সকলো সামগ্ৰী জ্বলি চাই হয় । বাঘমাৰা আৰক্ষী চকীৰ পৰা অগ্নিনিৰ্বাপক বাহিনী আহি পৰৱৰ্তী সময়ত জুই নুমুৱাবলৈ সক্ষম হয় যদিও ইতিমধ্যে গোটেই ধাবাখন জুইত জাহ যায় । সৌভাগ্যক্ৰমে ধাবাখনৰ কোনো কৰ্মচাৰী এই অগ্নিকাণ্ডত আঘাতপ্ৰাপ্ত হোৱা নাই ।

উল্লেখ্যে যে, দীৰ্ঘদিনৰ পৰাই এইখন ধাবাৰ বিৰুদ্ধে বিভিন্ন অনৈতিক কাৰ্যত লিপ্ত হৈ থকাৰ অভিযোগ উত্থাপিত হৈ আছিল ৷ অবৈধ নিচাজাতীয় সামগ্ৰীৰ চোৰাং বেহা চলাৰো অভিযোগ আছে ধাবাখনৰ বিৰুদ্ধে ৷ এনে অৱস্থাত নিশাৰ ভাগত ধাবাখন এইদৰে জুইত জাহ যোৱা কাণ্ডক সহজে ল'ব পৰা নাই স্থানীয়ই ৷

লগতে পঢ়ক : বিজেপি-বিপিএফৰ সংঘাত স্বামী-স্ত্ৰীৰ কাজিয়া আখ্যা নৱ শৰণীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.