ETV Bharat / state

জনীয়াৰ বৰভিঠা গাঁও পঞ্চায়তত সভানেত্ৰীয়ে লুটিছে হিতাধিকাৰীৰ ধন - বৰভিঠা আৰক্ষী

মহামাৰী ক'ৰণাৰ ভয়াবহতাৰ সময়ত ৰাজ্যৰ দৰিদ্ৰ শ্ৰেনীৰ লোকসকলক চৰকাৰে খাদ্য সামগ্ৰীকে ধৰি আৰ্থিক সাহাৰ্য প্ৰদান কৰি সহায় আগবঢ়াই আহিছে । কিন্তু ৰাজ্যত বিভিন্ন পঞ্চায়তসমূহৰ সভাপতি,সম্পাদকে এইসমূহ দৰিদ্ৰ হিতাধিকাৰীক চৰকাৰৰ এই সুবিধাৰ পৰা বঞ্চিত কৰি চৰকাৰী আঁচনিৰ সামগ্ৰী অথবা ধন আত্মসাৎ কৰি অহাৰ খবৰ আমি বিভিন্ন সময়ত বাতৰিৰ মধ্যমেৰে সম্প্ৰচাৰ কৰি আহিছো । শেহতীয়াকৈ জনীয়া সমষ্টিৰ অন্তৰ্গত ৫৮ নং গাঁও পঞ্চায়তৰ সভানেত্ৰী গৰাকীৰ বিৰুদ্ধেও উঠিছে হিতাধিকাৰীৰ ধন আত্মসাতৰ এক গুৰুতৰ অভিযোগ । এই লৈ পঞ্চায়ত সভানেত্ৰীগৰাকীক জবাবদিহি কৰাত সভানেত্ৰীৰ স্বামীয়ে দিলে ভয় ভাবুকি ।

FIR against husband of a panchayat president at jania
জনীয়াৰ বৰভিঠা গাঁও পঞ্চায়তত সভানেত্ৰীয়ে লুটিছে হিতাধিকাৰীৰ ধন !
author img

By

Published : Jul 19, 2020, 3:01 PM IST

জনীয়া,১৯জুলাই: জনীয়া সমষ্টিৰ অন্তৰ্গত ৫৮ নং গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰাবিয়া খাতুন নামৰ মহিলাগৰাকীক আনিছু জ্জামান নামৰ এগৰাকী জ্যেষ্ঠ নাগৰিকে লকডাউনৰ সময়ত ১ হেজাৰ টকাকৈ প্ৰদান কৰা হিতাধিকাৰীৰ তালিকাখন বিচাৰে । অভিযোগ উঠিছিল পঞ্চায়তখনৰ অন্তৰ্গত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ কাৰ্ড নথকা বহু লোকক এক হেজাৰ টকাৰ সাহাৰ্য নিদি খাদ্য সুৰক্ষাৰ কাৰ্ড থকা হিতাধিকাৰীক প্ৰদান কৰিছে পঞ্চায়তখনৰ সভানেত্ৰী ৰাবিয়া খাতুনে ।

ইয়াৰে বহু লোকে গাঁওখনৰ এগৰাকী জ্যেষ্ঠ নাগৰিক আনিছু জ্জামানে পঞ্চায়ত সভানেত্ৰীগৰাকীৰ এই দূৰ্নীতিৰ কথা সদৰি কৰাত ৰাইজৰ হৈ সভানেত্ৰীগৰাকীৰ পৰা ধন লোৱা হিতাধিকাৰীসকলৰ তালিকাখন বিচাৰে ।

এয়াই জ্যেষ্ঠ নাগৰিক আনিছু জ্জামানৰ ভুল । হিতাধিকাৰীৰ তালিকাখন বিচৰাৰ খঙতে সভানেত্ৰীৰ স্বামী আমজাদ হুছেইন নামৰ ব্যক্তি গৰাকীয়ে একাংশ দুষ্ট প্ৰকৃতিৰ লোকক লগত লৈ আবেদনকাৰী আনিছু জ্জামানক অসুস্থতাৰ বাবে চিকিৎসালয়ত চিকিৎসাধীন থকা অৱস্থাতে বিভিন্ন অশ্লীল বাক্যবানৰ লগতে দিলে ভয় ভাবুকি ।

পঞ্চায়ত সভানেত্ৰীৰ স্বামী আমজাদ হুছেইনৰ এই ব্যৱহাৰ আৰু ভাবুকিত আতংকিত হৈ আনিছু জ্জামানে সহায় ল'ব লগা হ'ল স্থানীয় আৰক্ষীৰ । ইতিমধ্যে বৰভিঠা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দিয়া এজাহাৰ গ্ৰহণ কৰি এটা গোচৰ ৰুজু কৰিছে ।

জনীয়াৰ বৰভিঠা গাঁও পঞ্চায়তত সভানেত্ৰীয়ে লুটিছে হিতাধিকাৰীৰ ধন !

উল্লেখ্য যে, বৰভিঠা গাঁও পঞ্চায়তৰ এই গৰাকী সভানেত্ৰীৰ দূৰ্নীতিৰ বিৰুদ্ধে কোনোৱে মুখ খুলিলে আপত্তিকাৰীৰ বিৰুদ্ধেহে সভানেত্ৰীগৰাকীয়ে ধন দাবীকে আদি কৰি বিভিন্ন ভূৱা প্ৰচাৰেৰে অভিযুক্ত সজাবলৈ চেষ্টা কৰাৰ অভিযোগ তুলিলে স্থানীয় একাংশই ।

লগতে পঢ়কঃ দেশৰ কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু 26,816 গৰাকীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.