বৰপেটাৰোড,28 জুলাই : ৰাজ্য়ত কৰ'ণা মহামাৰী আৰু বানপানীৰ তাণ্ডৱ চলি থকাৰ মাজতে মঙলবাৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত অসমৰ ভিতৰতে অষ্টম স্থান দখল কৰা কৃতি ছাত্ৰী ডেইজী নাথক বিজেপিৰ ফালৰ পৰা ব্ৰডবেণ্ড ইন্টাৰনেট সেৱা প্ৰদান হয় ৷ বৰপেটা জিলাৰ সৰভোগৰ বাডচ একাডেমী কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী ডেইজী নাথৰ সাফল্যত আনন্দিত হৈ ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে 22 জুলাইত ছাত্ৰী গৰাকীৰ বাসগৃহত উপস্থিত হৈ ছাত্ৰী গৰাকীক ফুলাম গামোচা,শৰাই,মানপত্ৰৰ উপৰিও নগদ ধনৰে সম্বৰ্ধনা প্ৰদান কৰিছিল ৷
আনহাতে, উক্ত দিনাই বিধায়ক গৰাকীয়ে ছাত্ৰী গৰাকীক অনলাইন শিক্ষাৰ বাবে ব্ৰডবেণ্ড ইন্টাৰনেট সেৱা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ সেই মৰ্মে বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসৰ আহ্বান মৰ্মে মঙলবাৰে বিজেপিৰ চকচকা ব্লক মণ্ডলৰ সভাপতি সম্পদ দাস,সাধাৰণ সম্পাদক বিপুল তালুকদাৰৰ লগত যোৱা বিজেপিৰ এটা দলে ছাত্ৰী ডেইজী নাথক ব্ৰডবেণ্ড ইন্টাৰনেট সেৱা প্ৰদান কৰে ৷
উল্লেখ্য যে,মেধাৱী ছাত্ৰী গৰাকী সৰভোগ ৰামপুৰৰ ডাক বিভাগৰ কৰ্মচাৰী মুকুট নাথ আৰু মাতৃ সৰলা নাথৰ কন্যা ৷
লগতে পঢ়ক : ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত পুখুৰী সদৃশ গাঁতঃ বিপদসংকুল যাতায়ত ৰাইজৰ