ETV Bharat / state

লক ডাউনঃ দিশহাৰা হৈ পৰিছে বৰপেটাৰ খেতিয়ক - Lock down

এসময়ত বৰপেটাৰোড অঞ্চলত উৎপাদিত পাচলিয়ে দখল কৰিছিল অসম, উত্তৰ-পূবৰ লগতে বহিৰাজ্যৰ বজাৰ ৷ বৰপেটাৰোডৰ পাচলি খেতিয়কসকলৰ বাবে বৰ্তমান সময় বৰ দুঃসময়লৈ ৰূপান্তৰিত হৈছে ৷ লক ডাউনৰ ফলত বজাৰলৈ পাচলি নিব নোৱাৰাৰ ফলত এতিয়া পথাৰতে পৰি ৰৈছে খেতিয়কে উৎপাদন কৰা পাচলি ৷

farmers suffering due to lock down barpeta road
লক ডাউনৰ প্ৰভাৱ খেতিপথাৰত
author img

By

Published : Apr 6, 2020, 11:42 AM IST

Updated : Apr 6, 2020, 1:13 PM IST

বৰপেটা,৬ এপ্ৰিলঃ লক ডাউনৰ বাবে বৃহৎ ক্ষতিৰ সন্মুখীন কৃষক সমাজ ৷ অন্য প্ৰান্তৰ লেখীয়াকৈ বৰপেটাৰোডৰ গোৱৰ্ধনা অঞ্চলৰ প্ৰতিখন খেতিপথাৰত পাচলি খেতিৰ দৃশ্য সুলভ ৷ প্ৰচুৰ পৰিমাণে উৎপাদন হোৱা লেচেৰি, ফ্ৰেন্সবিন, বিলাহী আদি বিক্ৰীৰ অভাৱত এতিয়া খেতিপথাৰতে পৰি ৰোৱা দেখা গৈছে ৷ খেতিয়কৰ আশাৰ সপোন হৈ লহপহকৈ বাঢ়ি অহা পাচলিবোৰ দেখি এতিয়া আনন্দৰ পৰিৱৰ্তে খেতিয়কৰ চকুৰে নিগৰিছে চকুপানী ৷ কিয়নো কাৰণ এটাই ! লক ডাউনৰ ফলত বজাৰ বন্ধ ৷ উৎপাদিত পাচলি বিক্ৰীৰ বাবে নাই পৰ্যাপ্ত সুবিধা ৷ দুপইচা আৰ্জনৰ আশাৰে ঋণ লৈ খেতি কৰা পাচলি খেতিয়কৰ মুৰত এতিয়া ভাগি পৰিছে সৰগ ৷ উপায়হীন খেতিয়কসকলেয়ো নিজাববীয়াকৈ কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নোৱাৰাৰ বাবে উৎপাদিত পাচলি পথাৰতে লেৰেলি গৈছে ৷ খেতিয়কসকলে লক ডাউনৰ ফলত পৰা এই বিৰূপ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰক সহায়ৰ বাবে আহ্বান জনোৱাৰ লগতে পাচলিৰ বিক্ৰীৰ বাবে উপযুক্ত ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনাইছে ৷

লক ডাউনৰ প্ৰভাৱ খেতিপথাৰত

লগতে চাওকঃ শিলচৰ আৰক্ষীৰ অভিনৱ পদক্ষেপ

Last Updated : Apr 6, 2020, 1:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.