ETV Bharat / state

জনীয়াত পথৰ ওপৰতে ভূঁই ৰুই কৃষকৰ প্ৰতিবাদ - road become paddy field

কিমান আৰু জনপ্ৰতিনিধি তথা চৰকাৰক আহ্বান জনাব বিধ্বস্ত পথ মেৰামতিৰ বাবে । ৰাইজৰ সমস্যাৰ প্ৰতি ভ্ৰূক্ষেপ নাই ৰজাঘৰীয়াৰ । উপায়হীন হৈ বোকাময় পথৰ ওপৰতে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে জনীয়াৰ কাদং অঞ্চলৰ কৃষকে । এজাক বৰষুণতে বাৰিষাৰ কৃষিপথাৰ সদৃশ হৈ পৰা পথটো শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী জনাইছে কৃষকসকলে ।

Protest for repair damage road in jania
পথৰ ওপৰত শালি ধানৰ খেতি
author img

By

Published : Jul 1, 2021, 10:59 AM IST

জনীয়া, ১ জুলাই: সময় পাৰ হৈ গৈ আছে, চৰকাৰো সলনি হৈছে । কিন্তু বৰপেটাৰ জনীয়াৰ কাদং অঞ্চলৰ যাতায়াতৰ ক্ষেত্ৰতহে আজি পৰ্যন্ত কোনো পৰিৱৰ্তন নাহিল । কাদং বজাৰৰ পৰা কান্দাপাৰা সংযোগী এই গুৰুত্বপূৰ্ণ এই পথটো পকীকৰণৰ বাবে বছৰ বছৰ ধৰি ৰাইজে দাবী জনাই আহিছে । কিন্তু এতিয়ালৈকে পথটো পকীকৰণ হোৱা নাই ।

জনীয়াত পথৰ ওপৰতে ভূঁই ৰুই কৃষকৰ প্ৰতিবাদ

পথটোৰ অৱস্থা ইমানেই জৰাজীৰ্ণ যে, এজাক বৰষুণতে পথটোৰে যাব নোৱাৰা হৈ পৰে । বোকা,পানী জমা হৈ পথটো খেতিপথাৰ সদৃশ হৈ পৰে । ফলত যাতায়াতৰ নামত হাৰাশাস্তি ভূগিবলগীয়া হয় ৰাইজে । সেয়ে পথটো শীঘ্ৰে মেৰামতি কৰাৰ দাবীত বৃহস্পতিবাৰে কৃষক সভাই ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বোকাময় পথৰ ওপৰতে শালিধানৰ কঠিয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰে জনীয়া আঞ্চলিক কৃষক সভাৰ সদস্যসকলে ।

পথটোৰ বিধ্বস্ত অৱস্থাৰ বাবে জৰুৰীকালীন সেৱাৰ বাহন অঞ্চলটোলৈ নাহে । এই পথটোৰে স্থানীয় লোকসকলে মন্দিয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়, বাঘবৰ ৰাজহ চক্ৰৰ কাৰ্যালয়, বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়লৈ অহা-যোৱা কৰে ।

পথটো মেৰামতি কৰাৰ বাবে ৰাইজে স্থানীয় বিধায়কক বহুবাৰ অনুৰোধ জনাইছিল যদিও বিধায়কগৰাকীয়ে কোনো গুৰুত্ব নিদিয়া বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । আনহাতে, বৰ্তমানৰ বিধায়কগৰাকীয়ে পথটো নিৰ্মাণৰ বাবে এক আঁচনিৰ বিষয়ে গাঁওবাসীক অৱগত কৰিছে যদিও সেই প্ৰক্ৰিয়া দীঘলীয়া হ'ব বুলি গাঁওবাসীয়ে অসন্তুষ্টি ব্যক্তি কৰিছে । শীঘ্ৰে পথটো মেৰামতি কৰি যাতায়াত ব্যৱস্থা সুচল কৰিবলৈ কৃষক সভাই দাবী জনাইছে ।

শীঘ্ৰে পথটো পকীকৰণ নকৰিলে চি পি আই(এম) ভাতৃ সংগঠনটোৰ জনীয়া আঞ্চলিকৰ সম্পাদক জয়নাল আব্দিনে গণ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে । জৰাজীৰ্ণ পথটোৰে যাতায়াত কৰি কোনো লোক ভয়াৱহ দুৰ্ঘটনাত পতিত হোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে । বিধ্বস্ত পথটো মেৰামতি নকৰিলে নিৰ্বাচনৰ সময়ত জন প্ৰতিনিধিক ৰাইজে উচিত শিক্ষা দিব বুলিও ৰাইজে সকিয়াই দিয়ে ।

লগতে পঢ়ক:চামগুৰিৰ পদুমনিত বন্যহস্তীৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.