ETV Bharat / state

ধানৰ সলনি ওলাল পতান : কৃষকৰ হুমুনিয়াহ

author img

By

Published : Jun 30, 2021, 4:57 PM IST

বছৰজোৰা পৰিশ্ৰমৰ অন্তত প্ৰায়েই ৰাজ্যৰ কৃষক বঞ্চিত হয় পৰিশ্ৰমৰ সঠিক ফল লাভ কৰাত ৷ কেতিয়াবা বানত ফচল বেয়া হয়, আন কেতিয়াবা আকৌ বজাৰৰ অভাৱত মূল্য নাপায় কৃষকে ৷ পিছে, শেহতীয়াকৈ এইবাৰ পোহৰলৈ আহিছে কৃষকৰ বেদনাৰ আন এক খবৰ ৷ বছৰটো খেতি কৰি ধানৰ পৰিৱৰ্তে কৃষকে লাভ কৰিছে মাথো পতান ৷

farmers-of-barpeta-got-only-paddy-husk-after-a-year-of-hard-work-in-paddy-field
পথাৰত কৃষকৰ কান্দোন ; ধানৰ সলনি ওলাল পতান

বৰপেটা, ৩০ জুন : পৰিয়ালক এমুঠি ভাতৰ যোগান ধৰিবলৈ বছৰটোৰ বাবে কৃষকে মুৰৰ ঘাম মাটিত পেলাই পৰিশ্ৰম কৰে ৷ কিন্তু, প্ৰায়েই ৰাজ্যৰ কৃষকৰ এই পৰিশ্ৰম অথলে যায় কেতিয়াবা বানৰ তাণ্ডৱত পথাৰৰ শস্য নাস হয় আকৌ,কেতিয়াবা বজাৰৰ অভাৱত খেতিয়কে শস্যৰ মূল্য লাভ নকৰে ৷ কিন্তু, সম্প্ৰতি আন এক ঘটনাৰ বাবে দিক বিদিক হেৰুৱাই পেলাইছে বৰপেটাৰ ন-বাৰাদিৰ কৃষক ৰাইজে ৷ বছৰটো খেতি কৰি ন-বাৰাদি গাঁৱৰ কৃষকে ধানৰ পৰিৱৰ্তে লাভ কৰিছে মাথো পতান ৷

জানিব পৰা মতে, ন-বাৰাদি গাঁৱৰ এখন খেতিপথাৰত গাঁওখনৰ একাংশ কৃষকে প্ৰায় ৩২ বিঘা মাটিত আহু ধানৰ খেতি কৰিছিল ৷ পিছে ধাননি ডৰাত নিজৰ কষ্টৰ ফচল চপাবলৈ গৈ ফচলৰ সলনি কৃষকে লাভ কৰিলে মাথো পতান ৷ এই ঘটনা দেখি এতিয়া কৃষক সকলে কি কৰিব অথবা বছৰটো কেনেকৈ ঘৰ-সংসাৰ চলাব তাকেলৈ বিপাঙত পৰিছে ৷ গাঁওখনৰ এগৰাকী কৃষকে জনোৱা অনুসৰি, খেতিডৰাত তেওঁলোকে বজাৰৰ পৰা ক্ৰয় কৰি অনা ধানৰ বীজ ৰোপন কৰিছিল ৷

এতিয়া, বিসংগতিপূৰ্ণ বীজৰ বাবেই নে গান্ধী পোক অথবা মৌৰ বাবে এইদৰে পথাৰত ধানৰ সলনি পতান ওলাইছে সেই কথাৰ উৱাদিহ বৰ্তমানলৈকে পোৱা নাই কৃষকে ৷ সম্প্ৰতি, উপায়ন্তৰ হৈ ক্ষতিগ্ৰস্থ কৃষকসকলে পৰিস্থিতিলৈ চাই কৃষিমন্ত্ৰী অতুল বৰাক ক্ষতিপূৰণৰ বাবে আহ্বান জনাইছে ৷

লক্ষণীয় যে, মঙলবাৰে জনতা ভৱনত নাবাৰ্ডৰ মহা প্ৰৱন্ধক (NABARD General Secretary) আৰু বিভাগীয় উচ্চপদস্থ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছিল কৃষিমন্ত্ৰী অতুল বৰা (Agriculture minister Atul Bora) ৷ এই বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজি (Agricultural infrastructure fund)তথা গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি(Rural infrastructure development fund)ৰ অধীনত কৃষি, উদ্যান শস্য আৰু খাদ্য সংসাধন,

লগতে পঢ়ক : ডিব্ৰুগড়ৰ পৰাই বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ

পশুপালন, দুগ্ধ উন্নয়ন, কৃষি বিপণন আদি বিভিন্ন ক্ষেত্ৰসমূহত নাবাৰ্ডৰ সহযোগিতা সন্দৰ্ভত আলোচনা কৰে ৰাজ্যৰ কৃষি মন্ত্ৰী গৰাকীয়ে ৷ এই গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতেই এতিয়া কষ্টৰ ফচল হিচাবে ধানৰ পৰিৱৰ্তে পতান লাভ কৰা বৰপেটাৰ ন-বাৰাদিৰ কৃষক সকল অথবা ৰাজ্যৰ আন আন প্ৰান্তৰ দূৰ্ভগীয়া কৃষক সকলক সংস্থাপন কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ কৃষি বিভাগে কি ব্যৱস্থা হাতত লয় সেইয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নহ’ব সমষ্টি পুণৰ নিৰ্ধাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.