ETV Bharat / state

ধনদাবীত লিপ্ত হৈ আৰক্ষীৰ জালত সংগঠনৰ নেতাসহ ভুৱা সাংবাদিক

author img

By

Published : Jul 11, 2021, 2:01 PM IST

বৰপেটাৰোডৰ মচলা ব্যৱসায়ীক ব্লেকমেইল কৰি ৫০ লাখ টকা দাবী কৰি আৰক্ষীৰ জালত ভুৱা সাংবাদিক সহ ইন্টাৰনেশ্যনেল হিউমেন ৰাইট্চ কাউঞ্চিলৰ বৰপেটাৰ কাৰ্যকৰী সভাপতি ৷

fake-reporter-along-with-activist-got-arrested-for-illegal-demanding-of-money
ধনদাবীত লিপ্ত হৈ আৰক্ষীৰ জালত সংগঠনৰ নেতা সহ ভুৱা সাংবাদিক

বৰপেটাৰোড, 11 জুলাই : ব্যৱসায়ীক ধন দাবী কৰাৰ অপৰাধত বৰপেটাৰোডত এজন ভুৱা সাংবাদিক সহ ইন্টাৰনেশ্যনেল হিউমেন ৰাইট্চ কাউঞ্চিল(international human rights council ) নামৰ সংস্থাটোৰ বৰপেটা জিলাৰ কাৰ্যকৰী সভাপতি গৰাকীক গ্ৰেপ্তাৰ কৰে বৰপেটাৰোড আৰক্ষীয়ে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ভুৱা সাংবাদিক গৰাকীৰ নাম প্ৰকাশ প্ৰসাদ আৰু আনজন ইন্টাৰনেশ্যনেল হিইউমেন ৰাইট কাউঞ্চিলৰ বৰপেটা জিলাৰ কাৰ্যকৰী সভাপতি ইন্দ্ৰজিৎ ডেকা বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ জালত পৰা ভুৱা সাংবাদিক প্ৰকাশ প্ৰসাদৰ ঘৰ বৰপেটাৰোডত আৰু ইন্দ্ৰজিৎ ডেকাৰ ঘৰ বৰপেটাত বুলি জানিব পৰা গৈছে ৷

এই দুয়োগৰাকীয়ে বৰপেটাৰোডৰ ব্যৱসায়ী জনক ৫০ লাখ টকা দাবী কৰিছিল ৷ বৰপেটাৰোডৰ ৰুহি দাস নামৰ মচলা ব্যৱসায়ী গৰাকীয়ে ভেজাল মচলা পেকেটিং কৰি ব্যৱসায় চলাই থকা বুলি অভিযোগ তুলি নিজকে এখন কাকতৰ সাংবাদিক বুলি পৰিচয় দিয়া প্ৰকাশ প্ৰসাদ আৰু হিইউমেন ৰাইট্চৰ বৰপেটাৰ কাৰ্যকৰী সভাপতি লম্পট ইন্দ্ৰজিৎ ডেকাই দাবী কৰা ধন নিদিলে সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ কৰাৰ ভাবুকি দি ব্লেকমেইল কৰিছিল ৷

বৰপেটাৰোডৰ ব্যৱসায়ী ৰুহি দাসক ৫০ লাখ টকা দাবী কৰাত ব্যৱসায়ী গৰাকীয়ে বৰপেটাৰোড আৰক্ষী থানাত ভুৱা সাংবাদিক প্ৰকাশ প্ৰসাদ আৰু ইন্দ্ৰজিৎ ডেকাৰ বিৰুদ্ধে এখনি এজাহাৰ দাখিল কৰিছিল ৷ সেইমৰ্মে, বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন গোস্বামীয়ে তদন্ত চলাইছিল ৷

এই বিষয়ত তদন্ত চলাই বিগত ৮ জুলাইত বিহাৰৰ পৰা ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ(Brahmaputra express) ৰে’ল যোগে বৰপেটাৰোডলৈ আহি থকা সময়ত বৰপেটাৰোডৰ ৰে’ল ষ্টেচনৰ পৰা ভুৱা সাংবাদিক প্ৰকাশ প্ৰসাদক বৰপেটাৰোড আৰক্ষীয়ে আটক কৰে ৷ আৰক্ষীয়ে আটক কৰা ভুৱা সাংবাদিক জনৰ স্বীকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে নিশা বৰপেটাৰ দঙৰকুছিৰ পৰা ইন্দ্ৰজিৎ ডেকাকো আটক কৰে ৷ আৰক্ষীয়ে ইন্দ্ৰজিৎ ডেকাৰ AS 15Q 9154 নম্বৰৰ দুচকীয়া বাহনখন জব্দ কৰে ৷ ব্যৱসায়ীক ধন দাবী কৰাৰ অপৰাধত বৰপেটাৰোড আৰক্ষীয়ে দুয়োজন অপৰাধীক শনিবাৰে বৰপেটা আদালতলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : অসমত সন্তান জন্ম দি চৰ্চাত এগৰাকী কাৰাবন্দী ৰহিঙীয়া মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.