ETV Bharat / state

প্ৰাক্তন মন্ত্ৰী তথা বাঘবৰ সমষ্টিৰ বিধায়ক দিলদাৰ ৰেজ্জাৰ দেহাৱসান - দিলদাৰ ৰেজ্জা

১৯৯১ চনত বাঘবৰ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰী সভাত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । পৰৱৰ্তী সময়ত ২০০১ চনত দিলদাৰ ৰেজ্জাই পুনৰ বাঘবৰ সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হৈ সংখ্যালঘু উন্নয়ন বৰ্ডৰ সভাপতিৰ আসন অলংকৃত কৰিবলৈ সক্ষম হৈছিল ৷

ex minister dildar rezza death
প্ৰাক্তন মন্ত্ৰী তথা বাঘবৰ সমষ্টিৰ বিধায়ক দিলদাৰ ৰেজ্জা দেহাৱসান
author img

By

Published : Sep 27, 2020, 6:46 PM IST

জনীয়া,27 ছেপ্তেম্বৰঃ ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা বাঘবৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সংখ্যালঘু জনগনৰ বলিষ্ঠ কণ্ঠ দিলদাৰ ৰেজ্জা (৬৫)ই শনিবাৰে নিশা গুৱাহাটীৰ এপ’ল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে । উল্লেখ্য যে, এই গৰাকী বলিষ্ঠ ৰাজনীতিবিদ ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন গৃহ বিভাগৰ সংসদীয় সচিব দিলদাৰ ৰেজ্জাই ১৯৯১ চনত বাঘবৰ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰী সভাত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । পৰৱৰ্তী সময়ত ২০০১ চনত দিলদাৰ ৰেজ্জাই পুনৰ বাঘবৰ সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হৈ সংখ্যালঘু উন্নয়ন বৰ্ডৰ সভাপতিৰ আসন অলংকৃত কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ পিছত সংখ্যালঘু জন দৰদী নেতা দিলদাৰ ৰেজ্জাই পুনৰ ২০০৬ চনত বিধায়ক হিচাপে বাঘবৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আমোলত গৃহ বিভাগৰ সংসদীয় সচিবৰ পদ অলংকৃত কৰিছিল ।

প্ৰাক্তন মন্ত্ৰী তথা বাঘবৰ সমষ্টিৰ বিধায়ক দিলদাৰ ৰেজ্জা দেহাৱসান

বাঘবৰ সমষ্টিত তিনিবাৰকৈ প্ৰতিনিধিত্ব কৰা সংখ্যালঘু জনগনৰ বলিষ্ঠ কণ্ঠ গৰীৱৰ বন্ধু প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জাই এসময়ত আমছুৰো উপ-সভাপতিৰ দায়িত্বত থাকি সংখ্যালঘু জনগনৰ কাৰণে মাত মাতি গৈছিল । প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জাৰ মৃত্যুৰ খৱৰ সমগ্ৰ অসমতে বিয়পি পৰাত বিভিন্ন জনে গভীৰ প্ৰকাশ কৰিছে । দেওবাৰে পুৱাৰ ভাগত দিলদাৰ ৰেজ্জাৰ মৃতদেহ তেওঁৰ নগৰবেৰাৰ বাসভৱনত অনাৰ লগে লগে যথেষ্ট সংখ্যক গুণমুগ্ধ উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

ex minister dildar rezza death
প্ৰাক্তন মন্ত্ৰী তথা বাঘবৰ সমষ্টিৰ বিধায়ক দিলদাৰ ৰেজ্জা দেহাৱসান

প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জাৰ মৃত্যুত বিশেষকৈ বাঘবৰ সমষ্টিৰ অপূৰণীয় ক্ষতি হ’ল বুলিও একাংশ লোকে ব্যক্ত কৰিছে। ১৯৫৫ চনত আলোপতিচৰত এটি দৰিদ্ৰ পৰিয়ালৰ ঘৰত জন্ম গ্ৰহণ কৰা প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জাৰ নেতৃত্বত বিগত সময়চোৱাত বৃহত্তৰ চৰাঞ্চলৰ হাজাৰ হাজাৰ পৰিয়ালে ৰোজগাৰৰ সন্ধান পাবলৈ সক্ষম হৈছে । পত্নী সহ দুগৰাকী পুত্ৰ আৰু এগৰাকী কন্যাৰ লগতে যথেষ্ট সংখ্যক আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায় প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জাই । ৰেজ্জাৰ এনে মৃত্যুত পৰিয়ালৰ লোকে শোকত ভাগি পৰাৰ লগতে অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়কঃ এম জি এম হাস্পতালৰ সহ পৰিচালক ড৹ সুৰেশ ৰাওৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.