ETV Bharat / state

বিধায়কৰ নেতৃত্বত জল সম্পদৰ বিভাগৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন - জলসম্পদ বিভাগ অসম

বিগত কিছুদিনৰ পৰাই কলগাছিয়াৰ অন্তৰ্গত ভিন্ন এলেকাত তাণ্ডৱ অব্যাহত আছে খহনীয়াৰ ৷ বেকী নৈৰ বুকুত ইতিমধ্যে জাহ গৈছে বিস্তীৰ্ণ অঞ্চল ৷ ভেটি-মাটি উছন যোৱাৰ পিছত প্ৰাণৰক্ষা কৰিবলৈ নিৰাপদ স্থানত আশ্ৰয় লৈছে স্থানীয় লোকে ৷ অৱশেষত স্থানীয় বিধায়কৰ নেতৃত্বত জল সম্পদ বিভাগৰ এটা দলে সোমবাৰে খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে ৷

খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন
খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন
author img

By

Published : Aug 17, 2021, 9:38 AM IST

জনীয়া, 17 আগষ্ট : ৰাজ্যত পূৰ্বৰ দৰেই অব্যাহত আছে বান-খহনীয়াৰ সমস্যা ৷ কিন্তু ইমান বছৰে কেন্দ্ৰ অথবা ৰাজ্য চৰকাৰে বান-খহনীয়া ৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰিব পৰা নাই উপযুক্ত ব্যৱস্থা ৷ প্ৰতিবছৰে বাৰিষাৰ সময়ত ৰাজ্যৰ অধিকাংশ অঞ্চলত তাণ্ডৱ চলাই বানে ৷ বানৰ সমান্তৰালকৈ হোৱা খহনীয়াৰ ফলত ভেটি-মাটি উছন যায় বহু লোকৰ ৷

সৰ্বসাধাৰণ ৰাইজে চৰকাৰ অথবা জন প্ৰতিনিধিক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো কিন্তু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ ৰাজ্য চৰকাৰৰ বিয়াগোম জলসম্পদ বিভাগে মাত্ৰ সময়ে সময়ে অস্থায়ী ব্যৱস্থাৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা দেখা যায় ৷ এইবেলিও তেনেকৈয়ে খহনীয়াৰ তাণ্ডৱ অব্যাহত আছে কলগাছিয়াৰ অন্তৰ্গত বহু এলেকাত ৷

খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন

দীৰ্ঘদিনীয়া এই সমস্যা সমাধানৰ দাবীত কলগাছিয়াবাসীয়ে সময়ে সময়ে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ ৷ তাৰপিছতো কিন্তু সমাধান হোৱা নাছিল এই সমস্যা ৷ অৱশেষত যেনিবা সাৰ পালে জন প্ৰতিনিধিয়ে ৷ সোমবাৰে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে বৰপেটা জিলাৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ এটা দলৰ সৈতে গৈ উপস্থিত হয় কলগাছিয়াত ৷

দলটোৱে কলগাছিয়াৰ কেইবাটাও অঞ্চল পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় ৷ বৃহত্তৰ কলগাছিয়াৰ অন্তৰ্গত আমগুৰি, শওপুৰ আৰু কাউৰজাহীৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে সঁজাতি দলটোৱে ৷ উল্লেখ্য যে, বিগত তিনি মাহ ধৰি কলগাছিয়া ৰাজহ চক্ৰৰ মাজেদি বৈ যোৱা বেকী নদীয়ে কাউৰজাহীৰ পৰা গতিপথ সলনি কৰি বলাইপথাৰ, খাৰবাল্লী, আমগুৰি আৰু শওপুৰ গাঁৱৰ বিভিন্ন ঠাইৰ মাজেৰে বৈ আহি খহনীয়াৰ সৃষ্টি কৰিছে ৷

ইতিমধ্যে বিধানসভাৰ মজিয়াত বিধায়কগৰাকীয়ে এই খহনীয়াৰ সন্দৰ্ভত বিভাগীয় মন্ত্ৰীক প্ৰশ্ন উত্থাপন কৰিছিল ৷ বিধায়ক গৰাকীৰ প্ৰশ্নত জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই খহনীয়া প্ৰতিৰোধৰ আশ্বাস প্ৰদান কৰে ৷ কিন্তু কেতিয়াকৈ এই ব্যৱস্থা কাৰ্যকৰী হ’ব সেই সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে কোনো কথা স্পষ্টকৈ প্ৰকাশ নকৰিলে ৷

লগতে চাওক: মহাৰজত জয়ন্তী বৰ্ষত ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.