ETV Bharat / state

কলগাছিয়াত বেকী নৈৰ ভয়ংকৰ খহনীয়া

author img

By

Published : Jul 11, 2021, 8:57 AM IST

কলগাছিয়া(Kalgachia) ৰ বলাইপথাৰ গাঁৱত অব্যাহত আছে বেকী নৈৰ বিধ্বংসী খহনীয়া ৷ ইতিমধ্যে খহনীয়াত জাহ গ'ল অৰ্ধ শতাধিক পৰিয়ালৰ ভেটি-মাটি ৷ পথৰ দাঁতিতে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে ভুক্তভোগী পৰিয়ালসকলে ।

Erosion by Beki River At Kalgachia, Barpeta District
কলগাছিয়াত বেকী নৈৰ ভয়ংকৰ খহনীয়া

জনীয়া, 11 জুলাই : বৰপেটা জিলাৰ কলগাছিয়া (Kalgachia)ৰ বিভিন্ন প্ৰান্তত বেকী নৈৰ (Beki River) বিধ্বংসী খহনীয়াই (Erosion) সৃষ্টি কৰিছে প্ৰলয়ৰ ৷ কলগাছিয়া ৰাজহ চক্ৰৰ বলাইপথাৰ ছলো বজাৰত বেকী নৈৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । সপ্তাহটোৰ ভিতৰতে কাউৰজাহীৰ ৰিং বান্ধ বাঙি বলাইপথাৰৰ মাজেৰে বেকী নৈৰ সোঁত বৈ যোৱাত খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে ।

ইতিমধ্যে নৈখনৰ বিধ্বংসী খহনীয়াত জাহ গৈছে অঞ্চলটোৰ প্ৰায় অৰ্ধ শতাধিক পৰিয়ালৰ ভেটি-মাটি ৷ ফলত পথৰ দাঁতিতে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে ভুক্তভোগী পৰিয়ালসকলে ৷ নৈখনৰ খহনীয়াৰ (Erosion) ফলত বলাইপথাৰৰ নুৰ হুছেইন, ছাহজাহান আলীকে ধৰি প্ৰায় অৰ্ধ শতাধিক পৰিয়ালৰ ভেটি-মাটি উচন হোৱাৰ লগতে জাহ গৈছে শ শ বিঘা কৃষিভূমি । বছৰ বছৰ ধৰি অব্যাহত থকা বেকী নৈ(Beki River) ৰ খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷

কলগাছিয়াত বেকী নৈৰ ভয়ংকৰ খহনীয়া

খৰালিৰ সময়ত অবৈধভাৱে মাটি খনন কৰাৰ ফলত এইদৰে বলাইপথাৰ আৰু খাৰবাল্লী গাঁৱত সৃষ্টি হৈছে তীব্ৰ গৰাখহনীয়া । ফলত নিৰুপায় হৈ ঘৰ-দুৱাৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ভুক্তভোগী পৰিয়ালকেইটাই । ইয়াৰ পূৰ্বে নিৰ্মাণ কৰা ৰিং বান্ধৰ কাষেৰে নতুনকৈ নৈখনৰ সূঁতি সলনি হোৱাত বলাইপথাৰ, খাৰবাল্লী, আমগুৰি আৰু সুঁতিৰপথাৰকে ধৰি এক বৃহত্তৰ অঞ্চলৰ ৰাইজ আতংকিত হৈ পৰে ৷

কিছুদিন পূৰ্বে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মইনবৰী মতিনপুৰতো বেকী নৈৰ বিধ্বংসী খহনীয়াৰ কবলত পৰি বিলীন হৈছিল শ শ বিঘা কৃষিভূমি । উপায়বিহীন পৰিয়ালকেইটাই ক্ষতিপূৰণ বিচাৰি চৰকাৰ তথা জনপ্ৰতিনিধিক দাবী জনাইছে ৷ স্থানীয় ৰাইজৰ আহ্বানৰ প্ৰতি বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰে কেনেকুৱা সঁহাৰি প্ৰদান কৰে সেয়া সময়ত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক- ক’ত উদ্ধাৰ হ’ল বাণ্ডিলে বাণ্ডিলে টকা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.