ETV Bharat / state

কলগাছিয়াৰ শওপুৰত বেকী নৈৰ তাণ্ডৱ

author img

By

Published : Aug 9, 2019, 9:10 AM IST

কলগাছিয়াৰ শওপুৰত বেকী নৈৰ তাণ্ডৱ । খহনীয়াত জাহ গল বেকী দলঙৰ গাইড বান্ধৰ লগতে চাৰিটা পৰিয়ালৰ মাটি-ভেটি আৰু বাসগৃহ । গৌতম কনষ্ট্ৰাকচন নামৰ কোম্পানীটোৱে আঁচনি মতে গাইড বান্ধ নিৰ্মাণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

কলগাছিয়াৰ শওপুৰত বেকী নৈৰ তাণ্ডৱ

জনীয়া,9আগষ্ট : সংহাৰী বানৰ পিছত এতিয়া জনীয়া সমষ্টিৰ কলগাছিয়াৰ শওপুৰত আৰম্ভ হৈছে বেকী নৈৰ তীব্ৰ গৰাখহনীয়া ৷ বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰাই অঞ্চলটোত গৰাখহনীয়াই চলাইছে তাণ্ডৱ ৷ খহনীয়াত জাহ যায় বেকী দলঙৰ গাইড বান্ধৰ লগতে হাছমত আলী, ছাত্তাৰ আলী, লালচান আলী আৰু ফুলচান আলীৰ মাটি-ভেটিৰ লগতে বাসগৃহ ৷ এই খহনীয়াৰ বাবে এতিয়া আতংকিত হৈ উঠিছে অঞ্চলবাসী ৷ প্ৰায় দুই শতাধিক পৰিয়াললৈ খহনীয়াই কঢ়িয়াই আনিছে ভাবুকি ৷

কলগাছিয়াৰ শওপুৰত বেকী নৈৰ তাণ্ডৱ

উল্লেখ্য যে, মাত্ৰ ৫ মাহ পূৰ্বে বেকী নৈৰ দলঙৰ পূব ফালে জীও বেগ আৰু বালিৰে নিৰ্মাণ কৰা হৈছিল দলঙৰ গাইড বান্ধ ৷ গৌতম কনষ্ট্ৰাকচন নামৰ ঠিকদাৰে নিম্ন মানৰ কাম কৰাৰ বাবেই এই গাইড বান্ধটো বেঁকী নৈত জাহ গৈছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ৷ বিভাগীয় অভিযন্তাই দলঙৰ গাইড বান্ধ নিৰ্মান কৰা ঠিকাদাৰৰ লগত ধনৰ লেন-দেন কৰি নিম্নমানৰ কাম কৰিছে বুলিও একাংশই মন্তব্য কৰে ৷

Intro:slug: as_jania_09aug_eroded_guide_bandh_vis3+byt3+pho1_spl_pkg_story_asc10058

Anchor: কলগাছিয়াৰ শওপুৰত বেঁকী নৈৰ তীব্ৰ গৰাখহনীয়া। খহনীয়াত জাহ গল বেঁকী দলঙৰ গাইড বান্ধৰ লগতে চাৰিটা পৰিয়ালৰ মাটি-ভেটি ও গৃহ। গৌতম কনষ্ট্ৰাকচন নামৰ গাইড বান্ধ নিৰ্মান কোম্পানীয়ে আঁচনি মতে কাম নকৰাৰ অভিযোগ ৰাইজৰ।Body:slug: as_jania_09aug_eroded_guide_bandh_vis3+byt3+pho1_spl_pkg_story_asc10058

VO-1: সংহাৰী বানৰ পিছত এতিয়া জনীয়া সমষ্টিৰ কলগাছিয়াৰ শওঁপুৰত আৰম্ভ হৈছে বেঁকী নৈৰ তীব্ৰ গৰাখহনীয়া। বৃহস্পতিবাৰ সন্ধিয়াৰ পৰা আৰম্ভ হোৱা বেঁকী নৈৰ খহনীয়াত জাহ গল বেঁকী দলঙৰ গাইড বান্ধৰ লগতে চাৰিটা পৰিয়ালৰ হাছমত আলী, ছাত্তাৰ আলী, লালচান আলী আৰু ফুলচান আলীৰ মাটি-ভেটি ও গৃহ। উল্লেখ্যে যে, এই খহনীয়াৰ ফলত নিশ্চিতভাবে বিকল্প ৰাজ্যিক ঘাইপথ খহনীয়াৰ কৱলত পৰাৰ শংকা কৰাৰ লগতে শওঁপুৰ গাঁওৰ প্ৰায় দুই শতাধিক পৰিয়াললৈয়ো ভাবুকি কঢ়িয়াই আনিছে। মাত্ৰ ৫ মাহ পূৰ্বে বেঁকী নৈৰ দলঙৰ পূব ফালে জীও বেগ আৰু বালিৰে নিৰ্মান কৰা হৈছিল দলঙৰ গাইড বান্ধ। গৌতম কনষ্ট্ৰাকচন নামৰ ঠিকদাৰে নিম্ন মানৰ কাম কৰাৰ বাবেই এই গাইড বান্ধটো বেঁকী নৈত জাঁহ গৈছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। এই ক্ষেত্ৰত বিভাগীয় অভিযন্তাই দলঙৰ গাইড বান্ধ নিৰ্মান কৰা ঠিকাদাৰৰ ধনৰ লেন-দেন কৰি নিম্ন মানৰ কাম কৰাৰ অভিযোগ কৰিছে ৰাইজৰ লগতে ভূক্তভোগী পৰিয়ালে। এই ক্ষেত্ৰত গড়কাপ্তানী বিভাগৰ মন্ত্ৰীয়ে তদন্তৰ জৰিয়তে বিহীত ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছে ৰাইজে।Conclusion:slug: as_jania_09aug_eroded_guide_bandh_vis3+byt3+pho1_spl_pkg_story_asc10058

মন্তব্য: ভূক্তভোগী পৰিয়াল আৰু ৰাইজৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.