ETV Bharat / state

ভোটগ্ৰহণৰ বাবে বজালী জিলা প্ৰশাসন সাজু

author img

By

Published : Apr 5, 2021, 1:35 PM IST

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সম্পূৰ্ণৰূপে সাজু বজালী জিলা প্ৰশাসন ৷ পাটাছাৰকুছি, ভৱানীপুৰ সমষ্টিৰ ২,৯১,২৮৭ গৰাকী ভোটাৰে ৩৯৮ টা ভোটকেন্দ্ৰত মঙলবাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ ৷

election preparation at bajali assam etv bharat assam news
ভট্টদেৱ বিশ্ববিদ্যালয়

পাঠশালা,5 এপ্ৰিল: ৰাজ্যত কাইলৈ অনুষ্ঠিত হ’ব তৃতীয় তথা অন্তিম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন ৷ মঙলবাৰে বজালীৰ ভৱানীপুৰত ১২ গৰাকী আৰু পাটাছাৰকুছিত ৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব ৷ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সোমবাৰে পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত বজালী জিলা প্ৰশাসনে স্থাপন কৰা নিয়ন্ত্ৰণ কক্ষত ব্যাপক ব্যস্ততা পৰিলক্ষিত হয় ৷ নিয়ন্ত্ৰণ কক্ষটোৰ পৰা প’লিং আৰু প্ৰিজাইডিং বিষয়াসকলে ইভিএমৰ লগতে ভোটগ্ৰহণৰ বাবে অন্যান্য যাৱতীয় সামগ্ৰীসমূহ সংগ্ৰহ কৰে ৷

ভোটগ্ৰহণৰ বাবে বজালী জিলা প্ৰশাসন সাজু

উল্লেখ্য যে, পাটাছাৰকুছিত ১,৪৩,৫০৯ গৰাকী ভোটাৰে ১৯৪ টা ভোটকেন্দ্ৰত সাব্যস্ত কৰিব ভোটাধিকাৰ ৷ সমষ্টিটোত ৭২,৫১৮ গৰাকী পুৰুষ ভোটাৰ থকাৰ বিপৰীতে আছে ৭০,৯৯১ গৰাকী মহিলা ভোটাৰ ৷

ইপিনে ভৱানীপুৰ সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে ১,৪৭,৭৭৮ গৰাকী ৷ ২০৪ টা ভোটকেন্দ্ৰত ভোটদান কৰি সমষ্টিটোৰ ভোটাৰসকলে ৷ ৭৫,২৮৯ গৰাকী পুৰুষ ভোটাৰ থকা ভৱানীপুৰ সমষ্টিত আছে ৭২,৪৮৯ গৰাকী মহিলা ভোটাৰ ৷

লগতে চাওকঃ প্ৰকৃত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে উচ্চ হাৰত ভোট দান কৰিব লাগিব: লুৰিণ জ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.