ETV Bharat / state

নিজামুদ্দিন দৰগাহৰ তবলীগ জামাতত ভাগ লোৱা বৰপেটাৰ ৮ জনক ক্যুৱাৰান্টাইন

author img

By

Published : Apr 1, 2020, 3:58 PM IST

বৰপেটা মেডিকেল কলেজ হাস্পাতালত ৮ জন লোকক ক্যুৱাৰান্টাইন কৰোৱা হৈছে ৷ তেওঁলোক আছিল নতুন দিল্লীৰ নিজামুদ্দিন দৰগাহৰ তবলীগ জামাতত ভাগ লোৱা লোক ৷

Breaking News

বৰপেটা ১ এপ্ৰিলঃ নতুন দিল্লীৰ নিজামুদ্দিন দৰগাহৰ তবলীগ জামাতত ভাগ লোৱা বৰপেটা জিলাৰ ৮ জনক ক্যুৱাৰান্টাইন কৰা হৈছে ৷ আটাইকেইজনক ৰখা হৈছে বৰপেটা মেডিকেল কলেজ হাস্পাতালৰ আছুতীয়া কক্ষত । ক্যুৱাৰান্টাইন কৰা সকলৰ ভিতৰত তিনিজন বহৰি কলতলিৰ, এজন বহৰি ফুলবাৰীৰ, এজন হাউলী কালঝাৰৰ, আন দুজন কলগাছিয়াৰ শ্বৰিয়তপুৰ আৰু গলিয়া গাঁৱৰ বুলি জানিব পৰা গৈছে । আটাইকেইজনৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে যদিও এতিয়ালৈকে জানিব পৰা হোৱা নাই ফলাফল ।

বৰপেটাৰ ৮ জনক ক্যুৱাৰান্টাইন
বৰপেটাৰ ৮ জনক ক্যুৱাৰান্টাইন
আনহাতে তবলীগত ভাগ লোৱা ১০ জন লোক এতিয়ালৈকে অসমলৈ ঘূৰি অহা নাই বুলি নিশ্চিত কৰিছে বৰপেটা জিলা প্ৰশাসনে । ইয়াৰে ৯ জন দিল্লীত আৰু এজন এতিয়াও বিহাৰত আছে ৷ লগতে নিজামুদ্দিনলৈ যোৱা সৰ্থেবাৰীৰ এগৰাকী মহিলাৰ এতিয়ালৈকে সম্ভেদ উলিয়াব পৰা হোৱা নাই । তেওঁৰ বৰ্তমান অৱস্থিতিৰ সম্পৰ্কত অনুসন্ধান চলাই থকা হৈছে । তবলীগত ভাগ লোৱা বৰপেটাৰ আন এজন বঙাইগাৱত আছে ৷ ইতিমধ্যে বঙাইগাও জিলা প্ৰশাসনক এই সম্পৰ্কে জনাইছে বৰপেটা জিলা প্ৰশাসনে ৷

লগতে পঢ়কঃ অসমত আৰু চাৰিজনৰ শৰীৰত ধৰা পৰিছে COVID-19ৰ উপস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.