ETV Bharat / state

বিধায়ক হাফিজ ৰফিকুল ইছলামে জনালে পবিত্ৰ ঈদ-উল-ফিতৰৰ শুভেচ্ছা

author img

By

Published : May 2, 2022, 4:17 PM IST

মঙলবাৰে ইছলাম ধৰ্মালম্বী লোকসকলৰ পৱিত্ৰ ঈদ-উল-ফিতৰ (Eid-Ul-Fitr to be celebrate on Tuesday)। কভিডকালীন বাবে বিগত দুটা বছৰ অনুষ্ঠিত হোৱা নাছিল সমুহীয়া ঈদৰ নামাজ । সেয়েহে এইবেলি উলহ-মালহৰে প্ৰস্তুতি চলাইছে পৱিত্ৰ ঈদ উদযাপনৰ ।

jania mla send greeting messages
চলিছে ঈদৰ প্ৰস্তুতি: বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামৰ ঈদৰ শুভেচ্ছা

নিউজ ডেস্ক,২ মে': কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পৱিত্ৰ ঈদ-উল-ফিতৰ (Eid-Ul-Fitr to be celebrate on Tuesday) । মঙলবাৰে পুৱাৰ ভাগত সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ঈদগাহটো অনুষ্ঠিত হ'ব সমূহীয়া ঈদৰ নামাজ । সেয়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক প্ৰস্তুতি (Preparations for Eid-ul-Fitr) ।

পৱিত্ৰ ইদৰ প্ৰাকমূৰ্হুতত অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে (Jania MLA send greeting messages) । ঈদ উপলক্ষে বিশ্ব শান্তি সম্প্ৰীতি কামনা কৰাৰ লগতে সকলো মুছলমানক শান্তি-সম্প্ৰীতি আৰু সমন্বয় অক্ষুন্ন ৰাখি পৱিত্ৰ ঈদ-উল-ফিতৰ উদযাপন কৰিবলৈ আহ্বান জনাইছে বিধায়ক গৰাকীয়ে ।

বিধায়ক হাফিজ ৰফিকুল ইছলামে জনালে পবিত্ৰ ঈদ-উল-ফিতৰৰ শুভেচ্ছা

লগতে কলগাছিয়া প্ৰেছ ইউনিয়ন, বৰপেটা জিলা বাৰ্তাজীৱী সংঘ, বেকী এক্সপ্ৰেছ, জ্যোতি-ৰাভা-নজৰুল সংঘ আদি দল সংগঠনেও অসমবাসীলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে ।

ইফালে পৱিত্ৰ ঈদ উপলক্ষে ৰাজ্যৰ বিভিন্ন ঈদগাহৰ লগতে খাৰুপেটীয়াৰ সৰ্ববৃহৎ বেলতলী ঈদগাহ ময়দানো সজাই তোলা হৈছে আটকধুনীয়াকৈ । উল্লেখযোগ্য যে জিলা খনৰ ভিতৰত সৰ্ববৃহৎ বেলতলী ঈদগাহ ময়দানত বিভিন্ন প্ৰান্তৰ পৰা অহা ১০ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিব ।

মঙলবাৰে ইছলাম ধৰ্মালম্বী লোকসকলৰ পৱিত্ৰ ঈদ-উল-ফিতৰ

সমূহীয়াকৈ ঈদৰ নামাজ আদায় কৰি বিশ্বশান্তিৰ বাবে দোৱা প্ৰাৰ্থনা কৰাৰ লগতে নামাজৰ অন্তত পৰস্পৰে পৰস্পৰৰ সৈতে আলিংগন কৰি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে অন্তিম প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে । এনেদৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে প্ৰৱিত্ৰ ঈদ-উল-ফিতৰৰ আনন্দ উছাহ ।

লগতে পঢ়ক: পৌৰ নিগমৰ মেয়ৰ পদত মহিলাৰ পৰিৱৰ্তে পুৰুষ কাউন্সিলৰ হোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.