জনীয়া, ২৯ জুলাই: মহামাৰী ক'ৰণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ ৰাখি এইবাৰৰ ঈদ অতি অনাড়ম্বৰভাৱে অনুস্থিত কৰিবলৈ ইছলাম ধৰ্মী লোক সকলক হিলাল কমিতিকে আদি কৰি প্ৰশাসনে জনাই অহা আহ্বানৰ পিছতো বজাৰ সমূহত এতিয়া দেখিবলৈ পোৱা গৈছে অজস্ৰ ভিৰ । পুৰুষ মহিলা শিশু সকলো ওলাই আহিছে ঈদ উপলক্ষে এযোৰ নতুন সাজ কিনাৰ লক্ষ্যৰে ।
কলগাছিয়াতো দেখা গ'ল ঈদৰ বজাৰৰ ভিৰ। ঈদৰ বজাৰ কৰিবলৈ দোকান সমূহত ভিৰ কৰিছেহি সকলোৱে। মাস্ক পৰিধানকাৰীৰ তুলনাত অধিক সংখ্যকেই মাস্ক পৰিধান নকৰাকৈ ভিৰ কৰিছে বজাৰ সমূহ। অৱশ্যে পূৰ্বৰ তুলনাত এইবাৰ ঈদৰ বজাৰৰ বিক্ৰী ভাল নহয় বুলি জনালে ব্যৱসায়ীসকলে।
সকলোলৈকে সচেতন সমাজৰ অনুৰোধ,চৰকাৰী নিৰ্দেশনা মানি এইবাৰ ঘৰতে পৰিয়ালৰ সৈতে আদায় কৰক ঈদৰ নামাজ। ঘৰতে উদযাপন কৰক ঈদ।
লগতে চাওকঃ আজি বিশ্ব ব্যাঘ্ৰ দিৱস