বৰপেটা, 13 নৱেম্বৰ : দিপাৱলী উপলক্ষে আজি বৰপেটাত চহৰবাসীৰ মাজত মাটিৰ চাকি বিতৰণ কৰে বিজেপিৰ যুৱ মৰ্চাৰ কৰ্মীয়ে ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভকেল ফৰ লকেলৰ বাণীক সাৰোগত কৰি থলুৱা মৃৎশিল্পক উজ্জীৱিত কৰি তোলাৰ লক্ষ্যৰে বৰপেটা চহৰত মাটিৰ চাকি বিতৰণ কৰে যুৱ মৰ্চাৰ কৰ্মীসকলে ৷
ভাৰতীয় জনতা যুৱ মৰ্চাৰ নিৰ্দেশক্ৰমে বৰপেটা জিলা সমিতিয়ে বৰপেটা পাঁচআলিৰ চকত মাটিৰ চাকিসমূহ বিতৰণ কৰে । আনহাতে, শিল্পটোৰ সৈতে জড়িত তিনিগৰাকী মৃৎশিল্পীকো বিজেপি যুৱ মৰ্চাৰ সদস্যসকলে সম্বৰ্ধনা জনায় ।
লগতে পঢ়ক : ডিব্ৰুগড়ৰ এশ বছৰ পূৰণি এখন মাটিৰ চাকিৰ বজাৰ