ETV Bharat / state

চুৰিৰ সন্দেহত আৱদ্ধ ই-ৰিক্সা চালক

শনিবাৰে নিশা কলগাছিয়াৰ লাংলাত ৰাইজে আৱদ্ধ কৰিলে ই-ৰিক্সা চালকৰূপী এজন চোৰ। বঙাইগাঁও জিলাৰ চাকলাৰ নজৰুল ইছলাম নামৰ ই-ৰিক্সা চালকজনে কোকিলা আৰক্ষী চকীৰ অন্তৰ্গত চলাকুৰা গাঁৱৰ পৰা শুকান মাছ চুৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

শুকান মাছ চুৰিৰ সন্দেহত ৰাইজে আৱদ্ধ কৰিলে ই-ৰিক্সা চালকক

author img

By

Published : Apr 4, 2021, 8:54 AM IST

জনীয়া,4 এপ্ৰিল: বৰপেটাৰ জনীয়াত ক্ৰমা বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ ৷ শনিবাৰে নিশা কলগাছিয়াৰ লাংলাত ৰাইজে আৱদ্ধ কৰিলে ই-ৰিক্সা চালকৰূপী এজন চোৰ । বঙাইগাঁও জিলাৰ চাকলা গাঁৱৰ নজৰুল ইছলাম নামৰ ই-ৰিক্সা চালকজনে কোকিলা আৰক্ষী চকীৰ অন্তৰ্গত চলাকুৰা গাঁৱৰ পৰা শুকান মাছ চুৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

ঘটনা অনুসৰি, ই-ৰিক্সা চালকজনে চলাকুৰা গাঁৱৰ ৰফিকুল ইছলাম নামৰ এজন লোকৰ ভাড়া লৈ গৈ থকা অৱস্থাত শুকান মাছ আৰু শুকান হালধীৰ কেইবাটাও বস্তাসহ চালকজনক আৱদ্ধ কৰে স্থানীয় লোকে ৷ ই ৰিক্সা চালকজনে শুকান মাছ চুৰ কৰাৰ সন্দেহত বাহনসহ চালকজনক ৰাইজে আৱদ্ধ কৰি লাংলালৈ লৈ যায় ।

ইফালে, চালকজনে সমগ্ৰ ঘটনা একেমুখে নসাৎ কৰি ৰফিকুল ইছলাম নামৰ লোকজনেহে নিম্নতম দামত কলগাছিয়াৰ বিভিন্ন ঠাইত শুকান মাছ ব্যৱসায়ীসকলৰ ওচৰত বিক্ৰী কৰি অহা বুলি অভিযোগ উত্থাপন কৰে ৷ স্থানীয় ৰাইজে চালকজনক সোধ-পোছ কৰি বৰভিটা আৰক্ষীক গতাই দিয়ে ৷ স্থানীয় ৰাইজে লাংলা আৰু চেনিমাৰি অঞ্চলত দীৰ্ঘদিনৰ পৰা হৈ থকা চুৰিকাণ্ডৰ লগত জড়িত বৃহৎ চোৰৰ এক চক্ৰ এই ঘটনাৰ পৰাই আৰক্ষীৰ জালত পৰাৰ আশা প্ৰকাশ কৰিছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: অৱশেষত বাসগৃহত উপস্থিত আলফাৰ দ্বাৰা অপহৃত প্ৰণৱ কুমাৰ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.