ETV Bharat / state

দহ হাজাৰ টকাৰ বিনিময়ত পত্নীক এনিশাৰ বাবে তিনি যুৱকক গতালে স্বামীয়ে

ধাৰৰ বোজাত পোত গৈ থকা এজন লোকৰ কাহিনী ৷ ধাৰ মাৰিবলৈ টকা যোগাৰ কৰিব নোৱাৰি তিনি যুৱকৰ হাতত এনিশাৰ বাবে গতালে নিজৰ পত্নীক ৷ তাৰ পাচত কি হ’ল ? জানিবলৈ পঢ়ক

husband forces his wife to become prostitute

author img

By

Published : May 27, 2022, 10:21 PM IST

বৰপেটা, 27 মে’ : অবৈধ সম্পৰ্কৰ ঘটনা আপুনি বহু দেখিছে ৷ অবৈধ সম্পৰ্কৰ বাবে সংসাৰ ধ্বংস হোৱা বা বিভিন্ন অপৰাধ সংঘটিত হোৱা ঘটনাও আপুনি পাইছে (Illegal affairs news)৷ এনে সম্পৰ্কৰ বাবে মূহুৰ্তে ভাগি থান-বান হৈ যায় বিশ্বাসৰ ভেটিত গঢ়ি উঠা এক সম্পৰ্ক বা এখন সংসাৰ ৷ কিছুমান ঘটনাত দোষী হয় স্বামী আৰু আন কিছুমানত পত্নী ৷ কিন্তু যেতিয়া স্বামীয়ে পত্নীক বাধ্য কৰে এনে সম্পৰ্ক কৰিবলৈ বা গণিকাত পৰিণত হ’বলৈ, তেতিয়া কিন্তু সমগ্ৰ সমাজৰ বাবেই ই হৈ পৰে লজ্জাজনক ৷

ধাৰৰ বোজাত পোত গৈ আছিল বৰপেটাৰ এজন লোক ৷ প্ৰয়োজন আছিল দহ হাজাৰ টকাৰ ৷ ক’তো টকাৰ যোগাৰ কৰিব নোৱাৰি লোকজনে বিচাৰি উলিয়ালে এনে এটা উপায়, যিটো শুনিলে সাধাৰণ মানুহৰ গা শিয়ঁৰি উঠিব ৷ পেটৰ ক্ষুধা আৰু ধাৰৰ বোজা দূৰ কৰিবলৈ দহ হাজাৰ টকাৰ বিনিময়ত নিজৰ গৰ্ভৱতী পত্নীক জড়িত কৰালে গণিকা বৃত্তিত (Husband forces wife for prostitution) ৷ সাত মাহৰ গৰ্ভৱতী মহিলা গৰাকীক দহ হাজাৰ টকাৰ বিনিময়ত এনিশাৰ বাবে গতাই দিলে তিনি যুৱকৰ হাতত ৷

দহ হাজাৰ টকাৰ বিনিময়ত পত্নীক এনিশাৰ বাবে তিনি যুৱকক গতালে স্বামীয়ে

ঘটনাটো পোহৰলৈ নাহিল হেতেন ৷ যদি বিচৰা টকাখিনি লোকজনৰ হাতত পৰিল হেতেন ৷ এইখিনিতেই নাটকীয় ৰূপ ল’লে ঘটনাই ৷

তিনি যুৱকে এটা নিশা মহিলাগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিলে ঠিকেই, কিন্তু আদায় নিদিলে চুক্তি অনুসৰি দিব লগীয়া দহ হাজাৰ টকা ৷ ফলত আৰক্ষীৰ কাষ চাপিল মহিলাগৰাকীক এই কাৰ্য কৰিবলৈ বাধ্য কৰোৱা স্বামী ৷ তিনি যুৱকে বলপূৰ্ব তেওঁৰ গৰ্ভৱতী পত্নীৰ ওপৰত যৌন নিৰ্যাতন চলোৱা বুলি পত্নীৰ হতুৱাই থানাত দাখিল কৰে এজাহাৰ (Rape case in Barpeta) ৷

পিচে আৰক্ষীৰ তদন্তত সকলো গোমৰ ফাঁক হৈ পৰিল ৷ ফলত দৰিদ্ৰতাৰ বাবেই পত্নীক বেশ্যা বৃত্তিৰ সৈতে জড়িত হ’বলৈ বাধ্য কৰোৱা বুলি স্বীকাৰ কৰে মহিলাগৰাকীৰ স্বামীয়ে ৷ এই ঘটনা সংক্ৰান্তত মহিলাগৰাকীৰ স্বামীসহ তিনি যুৱক ক্ৰমে চানিদুল ওৰফে ছাদ্দাম আলী, দেৱান পাচান আলী আৰু চুলেমান আলীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে আৰক্ষীয়ে ৷

বৰপেটা আৰক্ষীৰ আবেদন মৰ্মে চাৰিওজন অভিযুক্তকে আদালতে চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷ আৰক্ষীয়ে জনোৱা মতে, ইয়াৰ পূৰ্বে কেইবাৰো এইদৰে পত্নীক আনৰ হাতত তুলি দিছিল এইগৰাকী লোকে ৷

অভাৱেই স্বভাৱ নষ্ট কৰে বুলি অসমীয়াত এষাৰ কথা আছে ৷ কিন্তু অভাৱৰ বাবে স্বামীয়ে পত্নীক গণিকাত পৰিণত কৰা ঘটনা সঁচাকৈয়ে আশ্বৰ্যকৰ ৷ তাতে সাতমাহৰ গৰ্ভৱতী মহিলাগৰাকীক এইদৰে আতিশায্য চলোৱা কাৰ্যক কোনো লোকেই হয়তো সহজভাৱে গ্ৰহণ কৰিব নোৱাৰিব ৷ দৰিদ্ৰতাৰ দোহাই দি এনে কাৰ্য সংঘটিত কৰাতো কিমান গ্ৰহণযোগ্য সেয়া আৰক্ষীৰ তদন্তৰ অন্তত আইনে বিচাৰ কৰিব ৷

লগতে পঢ়ক : প্ৰমাণ নষ্ট কৰিবলৈয়ে বহু দাগী অপৰাধীৰ নেতৃত্বত জ্বলিছিল আৰক্ষী থানা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.