জনীয়া, 23 এপ্ৰিল : বৰপেটাৰ জনীয়াত দিনে দিনে বৃদ্ধি পাই আহিছে ড্ৰাগছৰ লগতে নিচা জাতীয় সামগ্ৰী সৰবৰাহকাৰীৰ লগতে সেৱনকাৰীৰ সংখ্যা ৷ যাৰ ফলত দীৰ্ঘদিনৰ পৰা অঞ্চলটোত বিনষ্ট হৈছে সামগ্ৰিক পৰিৱেশ ৷ শেহতীয়াভাৱে বহু লোক আৰক্ষীৰ হাতত ধৰা পৰিছে যদিও জিলাখনৰ একাংশ কিশোৰ বলি হৈছে ড্ৰাগছ সৰবৰাহকাৰীৰ ৷ দিনক দিনে বৃদ্ধি পাইছে নিচাযুক্ত সামগ্ৰী সেৱন কৰা কিশোৰৰ সংখ্যা ৷ বৃহস্পতিবাৰে নিশা কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শৰীয়তপুৰ গাঁৱৰ এগৰাকী 12 বছৰীয়া কিশোৰে নিচা জাতীয় দ্ৰব্য সেৱন কৰি বামুনটাৰী বজাৰৰ পদপথত উদ্ভণ্ডালি কৰাত অতিষ্ঠ হৈ পৰে স্থানীয় ৰাইজ ৷
একাংশ ৰাইজে উপায় বিহীন হৈ কিশোৰজনক আটক কৰি স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ কিশোৰজনক উদ্ধাৰ কৰি কলগাছিয়া চিকিৎসালয়ত ভৰ্তি কৰাই ৷ ইফালে, এই ঘটনা সন্দৰ্ভত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সহঃসম্পাদক লুৎফৰ ৰহমানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়ৰ বিৰুদ্ধে প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে নিচাসক্ত লোকৰ বাবেই সমাজত অনৈতিক কাৰ্য-কলাপ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে বুলি অভিযোগ উত্থাপন কৰে ৷
লগতে পঢ়ক: শিক্ষয়িত্ৰীৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিলে দুৰ্বৃত্তই