ETV Bharat / state

বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মঞ্চস্থ হনুমান সাগৰ বান্ধা চাঁউ - বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ

বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত হেৰিটেজ ফাউণ্ডেশ্যনৰ সৌজন্যত কেৱল মহিলাৰ দ্বাৰা পৰিবেশিত 'হনুমান সাগৰ বান্ধা চাঁউ' নাট মঞ্চস্থ (Drama performance by women in Barpeta) ।

Drama performance by women in Barpeta
বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মঞ্চস্থ হনুমান সাগৰ বান্ধা চাঁউ
author img

By

Published : Jun 17, 2022, 8:22 PM IST

বৰপেটা, 17 জুন : বিশিষ্ট নাট্যকাৰ পৰিচালক প্ৰমোদ দাসৰ সৰ্বভাৰতীয় পৰ্যায়ত সমাদৃত কালজয়ী নাট 'হনুমান সাগৰ বান্ধা চাঁউ' প্ৰদৰ্শন । বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত হেৰিটেজ ফাউণ্ডেশ্যনৰ(Heritage Foundation of Barpeta) সৌজন্যত মঞ্চস্থ কৰা হয় এই নাটখন(Drama performance in Barpeta District Library Auditorium) ।

বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মঞ্চস্থ হনুমান সাগৰ বান্ধা চাঁউ

কেৱল মহিলাৰ দ্বাৰা পৰিবেশিত হয় নাটখন(Drama performance by women in Barpeta) । হনুমান সাগৰ বান্ধা চাঁউ নাটখনৰ যোগেদি নাৰী নিৰ্যাতন, নাৰী সৱলীকৰণৰ লগতে নাৰীক সমাজে প্ৰত্যক্ষ কৰি অহা বিভিন্ন দিশসমূহ সুন্দৰভাৱে উপস্থাপন কৰা হয় । ৯০ৰ দশকতে ভাৰতৰ বিভিন্ন ঠাইত প্ৰদৰ্শন কৰা কালজয়ী নাটখনে এক আলোড়ন আনিবলৈ সক্ষম হৈছিল ।

Drama performance by women in Barpeta
বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মঞ্চস্থ হনুমান সাগৰ বান্ধা চাঁউ

প্ৰৱল বৃষ্টিপাতকো নেওচি নাটখন চাবলৈ বিপুল দৰ্শকেৰে ভৰি পৰে বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ । উল্লেখযোগ্য যে, উক্ত নাট্যাভিনয় উপভোগ কৰিবলৈ প্ৰেক্ষাগৃহত উপস্থিত হয় বৰপেটাৰ সুযোগ্য সন্তান তথা টাৱাইনৰ ভাৰতীয় ৰাষ্ট্ৰদূত গৌৰাংগ লাল দাস । নাটকখনৰ শেষত ৰাষ্ট্ৰদূতগৰাকীয়ে ৰাইজৰ আগত মন্তব্য আগবঢ়ায় কয় যে,"সৰুতে দেখা নাটকখন পুনৰ মঞ্চস্থ হোৱা বাতৰি Social media যোগে জানিবলৈ পাৰি নিজে নাটকখন চাবলৈ আগ্ৰহেৰে আহিলো ।"

লগতে পঢ়ক : কলিয়াবৰত আয়োজিত শিশু ভাওনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.