বৰপেটা ৪ জুলাইঃ বৰপেটাৰ নগাঁওৰ বিবিকে কলেজ ৰোডৰ কাষত উদ্ধাৰ হয় এটা মৃতদেহ। নগাঁওৰ কাষেৰে বৈ যোৱা বালাজানৰ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো। মৃতদেহটো নগাঁওৰ ডামৰাবোৱা গাঁৱৰ বিজ্ঞান বড়ো বুলি চিনাক্ত কৰিছে স্থানীয় ৰাইজে ৷ যোৱা মংগলবাৰৰ পৰাই সন্ধানহীন হৈ আছিল লোকজন।
মঙলবাৰে পুৱা ৮-৩০ বজা মানত ঘৰৰ পৰা ওলাই আহিছিল লোকজন ৷ নিজৰ পথাৰত মেটেকা গুচাই থকা অৱস্থাতে পানীত ডুব গৈছিল লোকজন। বিজ্ঞান বড়ো বৰপেটাৰ নগাঁওস্থিত শিংৰা গাঁৱৰ বাসিন্দা ভৱেন বড়োৰ পুত্ৰ। বিবাহৰ পিচত নগাঁৱৰ ডামৰাবোৱাৰ শহুৰেকৰ ঘৰত আছিল বিজ্ঞান ৷ প্ৰায় ৯ বছৰ ধৰি ঘৈনীয়েকৰ সৈতে শহুৰৰ ঘৰত পৃথকে বাস কৰি আহিছিল বিজ্ঞান।
বুধবাৰেও বৰপেটাৰ নগাঁৱৰ এই একেটা স্থানতে পথাৰৰ পুখুৰীত পৰি মৃত্যুক সাৱটি লৈছিল চাৰিটিকৈ শিশু আৰু কিশোৰে ৷ এই সমগ্ৰ ঘটনাকলৈ বৰ্তমান অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷