ETV Bharat / state

জনীয়াত বেঁকী নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য - কলগাছিয়া আৰক্ষী থানা

ইফালে মৃতদেহটো কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাংলা গাঁৱৰ আবুল কালামৰ বুলি সন্দেহ কৰা হৈছে যদিও মৃতদেহটো উৱলি যোৱাৰ বাবে নিশ্চিত কৰিব পৰা নাই তেওঁৰ পৰিয়ালৰ লোকে ।

dead-body-recovered-at-bakee-river
জনীয়াত বেঁকী নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
author img

By

Published : Oct 9, 2020, 8:41 PM IST

জনীয়া, 9 অক্টোবৰ: জনীয়াৰ সুতিৰপাথাৰত বেঁকী নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । শুকুৰবাৰে আবেলি মাছমৰীয়াই বেঁকী নৈত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । পিছত হাউলী আৰক্ষীয়ে কলগাছিয়া আৰক্ষীৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । ইফালে মৃতদেহটো কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাংলা গাঁৱৰ আবুল কালামৰ বুলি সন্দেহ কৰা হৈছে যদিও মৃতদেহটো উৱলি যোৱাৰ বাবে নিশ্চিত কৰিব পৰা নাই তেওঁৰ পৰিয়ালৰ লোকে ।

জনীয়াত বেঁকী নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

উল্লেখ্য যে, আবুল কালাম যোৱা 24 চেপ্তেম্বৰ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছিল । এতিয়া মৰণোত্তৰ পৰীক্ষাৰ পাছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব ।

লগতে পঢ়ক: জনা-নজনা: দেৱতাৰ ভয়ৰ বাবেই এই গাঁৱত নাই পকী ঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.