ETV Bharat / state

টুলুঙা নাৱেৰে কণ কণ ছাত্ৰ-ছাত্ৰীৰ বিপদ সংকুল যাতায়াত - ৮০৬ নং খাৰবাল্লি প্ৰাথমিক বিদ্যালয়

দুবছৰ পূৰ্বে এই সুঁতিৰ মাজেৰে প্ৰশাসনে বালিৰে বান্ধ নিৰ্মাণ কৰিছিল যদিও বাৰিষাৰ সময়ত বান্ধটো ছিগি যায় ৷ আনকি উক্ত স্থানত ৰাইজে গাঁঠিৰ ধন ভাঙি এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰিছিল । কিন্তু বাৰিষাৰ সময়ত এই সাঁকোখনো বেঁকী নৈৰ সোঁতে উটুৱাই লৈ যায় । তাৰ পিছৰে পৰাই টুলুঙা নাৱেৰেই কণ- কণ ছাত্ৰ-ছাত্ৰীয়ে মৰণক শৰণ দি এনেদৰে বিপদসংকুল যাতায়াত কৰিবলগা হৈছে ।

টুলুঙা নাৱৰে কণ কণ ছাত্ৰ-ছাত্ৰীৰ বিপদ সংকুল যাতায়াত
author img

By

Published : Aug 21, 2019, 3:12 PM IST

বৰপেটা, 21 আগষ্টঃ বৰপেটাৰ খাৰবাল্লিত বিপদ সংকুল যাতায়াত ৰাইজৰ লগতে কণ-কণ ছাত্ৰ-ছাত্ৰীৰ ৷ দীৰ্ঘদিন ধৰি এখন টুলুঙা নাৱেৰেই যাতায়াত অব্যাহত ৰাইজৰ ৷

টুলুঙা নাৱৰে কণ কণ ছাত্ৰ-ছাত্ৰীৰ বিপদ সংকুল যাতায়াত

বৰপেটাৰ খাৰবাল্লিৰ বেঁকী নৈৰ এটা সুঁতিৰ বাবে যাতায়াতৰ ক্ষেত্ৰত যমৰ-যাতনা ভোগ কৰিব লগা হৈছে কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে গাঁওবাসীয়ে । বেঁকী নৈৰ সুঁতিৰ পূৱ পাৰে থকা ৮০৬ নং খাৰবাল্লি প্ৰাথমিক বিদ্যালয়ৰ শতাধিক কণ কণ ছাত্ৰ-ছাত্ৰীয়ে এনেদৰে টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা কৰি প্ৰত্যেক দিনেই অহা-যোৱা কৰিব লগা হৈছে ৷
উল্লেখ্য যে, দুবছৰ পূৰ্বে এই সুঁতিৰ মাজেৰে প্ৰশাসনে বালিৰে বান্ধ নিৰ্মাণ কৰিছিল যদিও বাৰিষাৰ সময়ত বান্ধটো ছিগি যায় ৷ আনকি উক্ত স্থানত ৰাইজে গাঁঠিৰ ধন ভাঙি এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰিছিল । কিন্তু বাৰিষাৰ সময়ত এই সাঁকোখনো বেঁকী নৈৰ সোঁতে উটুৱাই লৈ যায় । তাৰ পিছৰে পৰাই টুলুঙা নাৱেৰেই কণ- কণ ছাত্ৰ-ছাত্ৰীয়ে মৰণক শৰণ দি এনেদৰে বিপদসংকুল যাতায়াত কৰিবলগা হৈছে । অভিভাৱকৰ লগতে শিক্ষক সকলে অতি শীঘ্ৰে উক্ত স্থানত এখন দলং নিৰ্মাণ কৰি যাতায়াতৰ সুবিধা কৰি দিবলৈ চৰকাৰৰ লগতে স্থানীয় সাংসদ আব্দুল খালেক আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে ।

Intro:slug: as_jania_21aug_dangerious_journey_to_school_vis3+byt2+ph1_spl_pkg_story_asc10058

Anchor: কলগাছিয়াৰ খাৰবাল্লিত বিপদ সংকুল যাত্ৰা। টুলুঙা নাৱৰে বিদ্যালয়ত যাত্ৰা কণ কণ ছাত্ৰ-ছাত্ৰীৰ। অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী।Body:slug: as_jania_21aug_dangerious_journey_to_school_vis3+byt2+ph1_spl_pkg_story_asc10058

VO-1: বুকু কপি উঠা এক দৃশ্য। এই দৃশ্য দেখিলে আপোনাৰো গাৰ নোম শিয়ঁৰি উঠিব। এই দৃশ্য কলগাছিয়াৰ গাতে লাগি থকা খাৰবাল্লি গাঁওৰ। এই গাঁওৰ কণ কণ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে দীৰ্ঘ দিনৰ পৰাই যাতায়াতৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হব লগা হৈছে। খাৰবাল্লি গাঁওৰ মাজেৰে বেঁকী নৈৰ এটা সুঁতিৰ বাবে যাতায়াতৰ ক্ষেত্ৰত যমৰ-যাতনা ভোগ কৰিব লগা হৈছে কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে গাঁওবাসীয়ে। বেঁকী নৈৰ সুঁতিৰ পূব পাৰে থকা ৮০৬ নং খাৰবাল্লি প্ৰাথমিক বিদ্যালয়ৰ ৪ শতাধিক কণ কণ ছাত্ৰ-ছাত্ৰীৰ প্ৰায় আঢ়ৈশ ছাত্ৰ-ছাত্ৰীয়ে এনেদৰে টুলুঙা নাওৰে বিপদসংকুল যাত্ৰা কৰি প্ৰত্যেক দিনেই পাৰ হব লগা হয় । উল্লেখ্য যে, দুবছৰ পূৰ্বে এই সুঁতিৰ মাজেৰে মথাউৰী সদৃশ বালিৰে বান্ধ নিৰ্মান কৰিছিল যদিও বাৰিষাৰ সময়ত বান্ধখন ছিঙি যোৱাৰ পিছত এইবাৰো ৰাইজৰ গাঁঠিৰ ধন ভাঙি এখন বাঁহৰ সাঁকো নিৰ্মান কৰিছিল। এইবাৰ বাৰিষাৰ সময়ত এই দলংখনো বেকী নৈৰ সোঁতে উটুৱাই লৈ যায়। তাৰ পিছৰে পৰাই ৰাইজৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে মৰণক শৰণ দি এনেদৰে বিপদসংকুল যাত্ৰা কৰিবলগা হৈছে। এতিয়া অভিভাৱক ৰাইজ আৰু শিক্ষক সকলে অতি সোনকালে এই স্থানত এখন দলং নিৰ্মাণ কৰি গাঁওবাসীৰ লগতে কণ কণ ছাত্র-ছাত্ৰীৰ যাতায়াত সুনিশ্চিত কৰি দিবলৈ চৰকাৰ লগতে স্থানীয় সাংসদ আব্দুল খালেক আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে।Conclusion:slug: as_jania_21aug_dangerious_journey_to_school_vis3+byt2+ph1_spl_pkg_story_asc10058

Byte: বিদ্যালয়ৰ শিক্ষক আৰু ৰাইজৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.